fbpx
অসমীয়াঅসম

বহিঃৰাজ্যত দুষ্ট চক্ৰৰ কবলত পৰি সৰ্বস্বান্ত বিতোপন মেচ! ৫ দিনৰ পিছত সন্ধান ওলাল অসমৰ সেনা জোৱানজনৰ…

নিউজ ডেস্কঃ অৱশেষত সন্ধান ওলাল কৰ্তব্যস্থলীলৈ যোৱাৰ সময়ৰ পৰা বিগত ৫ দিন ধৰি সন্ধানহীন হৈ থকা অসমৰ সেনা জোৱান বিতোপন মেচৰ।

ফিল’বাৰী মেচ গাঁৱৰ নিৱাসী জোৱানজনে দেওবাৰে পুৱা নিজেই ঘৰলৈ ফোন কৰি দিল্লীৰ এটা দুষ্ট চক্ৰৰ কবলত পৰি সৰ্বস্বান্ত হোৱাৰ কথা অৱগত কৰে।

জোৱানজনে মাতৃ আৰু পত্নীক ফোনত জানিবলৈ দিয়া মতে, দিল্লীত এটা দুষ্ট চক্ৰই তেওঁৰ মোবাইল, বেগ, নগদ ধন সকলো লুটি লৈ যায়।

ইয়াৰ পিছত আন এজন ব্যক্তিৰ সহায়তহে তেওঁ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ কৰ্তব্যস্থলীলৈ যোৱাৰ সময়তে দেশৰ ৰাজধানী নতুন দিল্লীত যোৱা ২২ ফেব্ৰুৱাৰীত সন্ধানহীন হৈছিল বিতোপন মেচ নামৰ সেনা জোৱানজন।

দ্বিতীয় আছাম ৰেজিমেণ্টত কৰ্মৰত বিতোপনে যোৱা ২২ ফেব্ৰুৱাৰীত বিমানেৰে দিল্লীলৈ উৰা মাৰিছিল যদিও হঠাৎ পৰিয়াল আৰু সেনা কর্তৃপক্ষৰ সৈতেও যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল।

ইপিনে উক্ত দিনাৰ পৰা ২৬ ফেব্ৰুৱাৰীৰ পুৱালৈকে সেনা জোৱানজন দিল্লীৰ ক’ত আছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!