fbpx
অসম

বটদ্ৰৱা কাণ্ডক লৈ মুখ্যমন্ত্ৰী প্ৰতিক্ৰিয়া- এনে কাৰ্যৰ কেতিয়াও ক্ষমা নাই…

ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰা বটদ্ৰৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

থানা জ্বলাই দিয়া কাৰ্যৰ অভিযুক্ত সকলক সকীয়নি দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয়, এনে কামৰ ক্ষমা নাই।

আৰক্ষীৰ থানা জ্বলাই দিয়া কাৰ্য বিজেপি চৰকাৰে কেতিয়াও ক্ষমা নকৰে।

ইপিনে বটদ্ৰৱাত চলা উচ্ছেদ সন্দৰ্ভত তেওঁ কয়- বুলজাৰ চলিছে, আৰু চলিব। সকলো বেদখলকাৰীৰ পৰা মুক্ত কৰা হব বটদ্ৰৱা। বটদ্ৰবাৰ বহু মাটি বেদখল কৰা হৈছে। পূৰ্বেও বহুবাৰ সভা-সমিটিত বেদখলৰ কথা উল্লেখ কৰা হৈছে। বহু মাটি বেদখলকাৰীয়ে দখল কৰি আছে, সকলো বেদখলমুক্ত কৰা হব।

লগতে বটদ্ৰৱাৰ আশে পাশে যিমান মাটি বেদখল হৈ আছে সকলো তথ্য ওলোৱাৰো বাবে উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়- অঞ্চলটোৰ শান্তি বিঘ্নিত কৰিব পৰা লোক সকলৰ বিৰুদ্ধে উচ্ছেদ চলিবই।

লগতে ইয়াকো কয় যে, ‘অসমৰ পৰিৱেশ ভাল নহয়, অসমৰ পৰিৱেশ ভয়াৱহ। আমাৰ চৰকাৰ থকা লৈকে কাকো ক্ষমা কৰা নহব’।

আনহাতে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা বুলি ওলোৱা ছফিকুলৰ পত্নীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। নগাঁও আৰক্ষীয়ে অভিযুক্ত অন্য কেইবাজনকো নিজৰ জিম্মালৈ নি সোধপোচ অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!