নিউজ ডেস্কঃ বঙাইগাঁৱৰ পিছত এইবাৰ গোৱালপাৰাত নিষিদ্ধ কণ্ঠশিল্পী জুবিন গাৰ্গ।
অবিভক্ত গোৱালাপাৰাত জুবিন গাৰ্গক কোনো অনুষ্ঠান পৰিৱেশন কৰিবলৈ দিয়া নহয় বুলি হুংকাৰ গ্ৰেটাৰ কোচবিহাৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ GCLOৰ।
গোৱালপাৰাত কণ্ঠশিল্পী গৰাকীয়ে অনুষ্ঠান পৰিৱেশন কৰিলে অঘটন ঘটোৱাৰো হুংকাৰ সংগঠনটোৰ।
সংবাদ মাধ্যমলৈ এক অডিঅ’ বাৰ্তা প্ৰেৰণ কৰি জুবিন গাৰ্গক এই সকিয়নী প্ৰদান কৰে GCLOৰ সভাপতি নিৰ্মল ৰয়ে।
উল্লেখ্য যে, কোচ-ৰাজবংশীৰ আবেগত আঘাত হনাৰ অভিযোগত বঙাইগাঁৱত পূৰ্বে নিষিদ্ধ কৰা হৈছিল জুবিন গাৰ্গক।
২ ব’হাগত বঙাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বাতিল কৰিবলৈও সকিয়াই দিছে কোচ-ৰাজবংশী সংগঠনে।