অসম

ফেচবুকত আলফাৰ সমৰ্থনত পোষ্ট দি ৰঙাঘৰৰ আলহী হ’ল সাগৰ দাস…

পুনৰ ফেচবুকত আলফাৰ সমৰ্থনত পোষ্ট দি ৰঙাঘৰৰ আলহী হ’ল এজন যুৱক।

ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত সোণাজুলী গাঁৱৰ সাগৰ দাস নামৰ এজন যুৱকক ওৰাং আৰক্ষীয়ে ফেচবুকত আলফাৰ সমৰ্থনত পোষ্ট দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত সাগৰ দাস ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত সোণাজুলি গাঁৱৰ মদন দাসৰ পুত্ৰ।

ওদালগুৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চাইবাৰ অপৰাধ শাখাই বহুদিনৰ পৰাই পৰ্যৱেক্ষণত কৰি ৰাখিছিল আলফাৰ হৈ সামাজিক মাধ্যমত প্ৰচাৰ চলোৱা সাগৰ দাস নামৰ যুৱকজনক।

ওৰাং আৰক্ষীয়ে গোচৰ নম্বৰ ৩১/২০২২ নিজাববীয়া কৈ ভাৰতীয় দণ্ডবিধি আইনৰ 120B/221, R/W 39UA(P) act, R/W SEC 67 IT act‌ অধীনত আজি গ্ৰেপ্তাৰ কৰে সাগৰ দাসক।

অভিযোগ অনুসৰি ফেচবুকত সাগৰ দাস আচামীচ বয় নামেৰে বিভিন্ন সময়ত আলফাৰ হৈ পোষ্ট দি আহিছিল যুৱকজনে।

ফেচবুকত আলফাক সমৰ্থন কৰি যুৱ প্ৰজন্মক নিষিদ্ধ ঘোষিত সংগঠনটোৰ প্ৰতি আকৃষ্ট কৰাৰ অভিযোগত ওৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সাগৰ দাস নামৰ যুৱকজনক।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, ফেচবুকত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি অনা আলফাৰ বহু পোষ্ট বিগত সময়ত শ্বেয়াৰ কৰি আহিছিল যুৱকজনে।‌

Related Articles

Leave a Reply

Back to top button