পৰৱৰ্তী অলিম্পিকলৈ লাভলীনাৰ প্ৰশিক্ষকৰ দায়িত্ব ল’ব ৰাজ্য চৰকাৰে, হিমা দাসলৈও মাহে ১ লাখকৈ টকা…

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্ত সমূহ সংবাদমেল যোগে সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, লাভলীনা বৰগোঁহাই আৰু হিমা দাসৰ আগন্তুক অলিম্পিকলৈ প্ৰস্তুতি সন্দৰ্ভত চৰকাৰৰ সহযোগিতা সম্পৰ্কে মত প্ৰকাশ কৰে।

পৰৱৰ্তী অলিম্পিকলৈ লাভলীনা বৰগোহাঁইৰ দায়িত্ব ল’লে অসম চৰকাৰে। এজন প্ৰশিক্ষক আৰু মাহে ২.৫০ লাখ টকাকৈ খৰচ কৰিব চৰকাৰে।

আনহাতে অলিম্পিকলৈ প্ৰস্তুতিৰ বাবে হিমা দাসৰ বাবেও মাহে ১ লাখকৈ খৰচ কৰিব ৰাজ্য চৰকাৰে।

লাভলীনা বৰগোঁহাইৰ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষকৰ কাৰণে ৰাজ্য চৰকাৰে মাহে আঢ়ৈ লাখকৈ টকা খৰচ কৰিব বুলি কয়।

উল্লেখ্য যে, বিগত টকিঅ’ অলিম্পিকত লাভলীনা বৰগোঁহাইয়ে ব্ৰঞ্জৰ পদক দখল কৰি অসমৰ প্ৰথমগৰাকী অলিম্পিকত পদক বিজয়ী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।

 

Leave a Comment