fbpx
অসমীয়াঅসম

পৰ্যটকৰ কেমেৰাত মানাহৰ বিৰল দৃশ্য! দেখাৰ সৌভাগ্য ঘটিল ব্লেক পেন্থাৰ…

নিউজ ডেস্কঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ কেমেৰাত বন্দী হ’ল এক বিৰল দৃশ্য।

উদ্যানখনত পৰ্যটকৰ কেমেৰাত প্ৰথমবাৰৰ বাবে বন্দী হ’ল এটা ব্লেক পেন্থাৰ অথবা ঘোং।

দীৰ্ঘ সময় ধৰি ব্লেক পেন্থাৰটো স্বচক্ষে দেখাৰ সৌভাগ্য ঘটে পৰ্যটক আৰু গাইড সকলৰ।

সেই সময়তে কেইবাগৰাকীও পৰ্যটক আৰু গাইডে নিজৰ কেমেৰাৰ লেন্সত আৱদ্ধ কৰে ব্লেক পেন্থাৰটো।

উল্লেখ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানত জীৱ-জন্তুৰ বৰ্ধিত সংখ্যাৰ বাবে এতিয়া উদ্যানখনত পৰ্যটকে প্ৰায়ে দেখিবলৈ পাইছে বনৰজাক।

তথ্য অনুসৰি, মানাহত বৰ্তমান ৫২টা প্ৰাপ্তবয়স্ক আৰু ৮টা পোৱালিকে ধৰি মুঠ ৬০টা বাঘ আছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!