অসমীয়াঅসমৰাষ্ট্ৰীয়

পৰ্বতৰ বুকুতেই হেৰাই গ’ল পৰ্বত ভালপোৱা অসম কন্যা দীপশিখা, আজিও লাভ কৰা নাই সন্ধান…

নিউজ ডেস্কঃ পৰ্বত বগাবলৈ গৈ নিখোজ হোৱা পৰ্বত ভালপোৱা অসমৰ ছোৱালীজনীৰ কুশল কামনাৰে এতিয়া ৰাজ্যবাসীয়ে কৰিছে প্ৰাৰ্থনা।

উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হৈ থকা দীপশিখা হাজৰিকা নামৰ অসমীয়া যুৱতীগৰাকীৰ সন্ধান বিচাৰি আজিও অব্যাহত আছে অভিযান।

উল্লেখ্য যে, উত্তৰকাশীৰ নেহেৰু ইনষ্টিটিউট অৱ মাউণ্টেনিয়াৰিঙৰ এডভান্স ক’ৰ্চৰ ৩৪ গৰাকী প্ৰশিক্ষাৰ্থী আৰু ৭ গৰাকী প্ৰশিক্ষকে হিমালয়ৰ দোৰকানি গ্লেছিয়াৰৰ দ্ৰৌপদী কী দাণ্ডা শৃংগ আৰোহণৰ বাবে গৈছিল।

photo1665044324

শৃংগত আৰোহণ কৰি নামি অহাৰ সময়তে হিমস্খলনত নিখোজ হৈ পৰে প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী কেইগৰাকী।

পৰৱৰ্তী সময়ত উদ্ধাৰকাৰী দলে প্ৰতিকূল পৰিস্থিতিৰ মাজতো অভিযান চলাই সৰহ সংখ্যকৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ’লেও এতিয়াও নিখোজ হৈ আছে পৰ্বতাৰোহণকাৰী প্ৰশিক্ষাৰ্থী দলটোৰ সদস্য দীপশিখা হাজৰিকা।

প্ৰণিধানযোগ্য যে, দীপশিখাৰ পিতৃ গোলাপ হাজৰিকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত হোৱা সূত্ৰে তেওঁলোকৰ পৰিয়ালটোৱে গুৱাহাটীতে বাস কৰে।

photo1665044324 1

গুৱাহাটীৰ চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চিভিলত ডিপ্লমা লৈ বেংগালুৰুত ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰে দীপশিখা হাজৰিকাই।

পৰ্বতাৰোহণ, ৰাফটিং আদি দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত দীপশিখাই পৰৱৰ্তী সময়ত পৰ্বতাৰোহণৰ এডভাঞ্চ পাঠ্যক্ৰমৰ বাবে উত্তৰকাশীত থকা নেহেৰু ইনষ্টিটিউট অফ মাউণ্টেনিয়াৰিং চমুকৈ এন আই এমত নামভৰ্তি কৰে।

অসম পৰ্বতাৰোহণ সন্থাৰো প্ৰাক্তন সদস্য দীপশিখাই যোৱা ১৪ ছেপ্টেম্বৰত ঘৰৰ পৰা এডভাঞ্চ প্ৰশিক্ষণৰ বাবে উত্তৰকাশীলৈ ৰাওনা হৈছিল।

photo1665044325

২৫ ছেপ্টেম্বৰত তেওঁলোক বেচ কেম্পত আশ্ৰয় লৈ ৪ অক্টোবৰত দোৰকানি গ্লেছিয়াৰৰ দ্ৰৌপদী কী দাণ্ডা শৃংগলৈ যায়। দলটোৱে সুকলমে শৃংগ আৰোহণ কৰি নামি অহাৰ সময়তে পুৱা প্ৰায় ৮.৪৫ বজাত সংঘটিত হিমস্খলনত সন্ধানহীন হৈ পৰে দীপশিখা।

ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইৰ উদ্যোগত অসমৰ পৰা উত্তৰাখণ্ডত উপস্থিত হৈছে ২৮ বৰ্ষীয় দীপশিখাৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃ।

সমান্তৰালভাৱে ৰাজ্য চৰকাৰে এগৰাকী আই এ এছ বিষয়াক দীপশিখাৰ উদ্ধাৰ অভিযানৰ তদাৰকৰ বাবে উত্তৰাখণ্ডৰ চৰকাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ দায়িত্ব অৰ্পণ কৰিছে।

image 61

অসম পৰ্বতাৰোহী সংস্থাৰ সৌজন্যত বহু দুঃসাহসিক অভিযানত অংশ লোৱা দীপশিখাৰ ভৱিষ্যতৰ পৰিকল্পনা আছিল পৰ্বতাৰোহণৰ এগৰাকী প্ৰশিক্ষক হোৱাৰ।

অসমৰ পৰ্বত ভালপোৱা যুৱতীগৰাকী এনেদৰে পৰ্বতৰ বুকুতে সন্ধানহীন হৈ থকাৰ খবৰে ব্যথিত কৰিছে অসমবাসীক।

দীপশিখা যাতে সোশৰীৰে ঘৰলৈ উভতি আহিবলৈ সক্ষম হয়, তাৰ বাবে প্ৰাৰ্থনা জনাইছে সকলোৱে।

One thought on “পৰ্বতৰ বুকুতেই হেৰাই গ’ল পৰ্বত ভালপোৱা অসম কন্যা দীপশিখা, আজিও লাভ কৰা নাই সন্ধান…”

Comments are closed.