পৰীক্ষা কেন্দ্ৰৰ পৰা আটক পৰীক্ষাৰ্থীসহ ছদ্ম পৰীক্ষাৰ্থী!

নিউজ ডেস্ক। ধেমাজিত গ্ৰেপ্তাৰ ভুৱা ডি এল এড পৰীক্ষাৰ্থী।

ধেমাজিত আনৰ হৈ ডি এল এড পৰীক্ষা দিবলৈ গৈ ৰঙা ঘৰৰ আলহী হ’ল এজন যুৱক।

ৰাজ্যত ১৯ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ডি এল এড পৰীক্ষা দিবলৈ যোৱা ধেমাজি বাণিজ্যিক মহাবিদ্যালয়ৰ কেন্দ্ৰত ধৰা পৰে এজন ভুৱা পৰীক্ষাৰ্থী।

আৰক্ষীৰ চকুত ধূলি দি পৰীক্ষাগৃহত প্ৰৱেশ কৰিছিল ধৃত পৰীক্ষাৰ্থীজন।

পিছত পৰীক্ষা নিৰীক্ষকৰ হাতত ধৰা পৰে ভুৱা পৰীক্ষাৰ্থীজন।

জানিব পৰামতে ধেমাজি জিলাৰ জোনাইৰ বাসিন্দা জয়প্ৰকাশ পাইত নামৰ পৰীক্ষাৰ্থীজনৰ পৰিৱৰ্তে পৰীক্ষাত বহিছিল নৰেণ পাইত নামৰ ভুৱা পৰীক্ষাৰ্থীজন।

যুৱকজনে পৰীক্ষাত বহাৰ পিছত নিৰীক্ষকৰ জৰিয়তে স্বাক্ষৰ লোৱা সময়তে পোহৰলৈ আহে উক্ত সমগ্ৰ ঘটনাটো।

উল্লেখ্য যে আচল পৰীক্ষাৰ্থীজন পৰীক্ষা গৃহত ১৫ মিনিট পিছত উপস্থিত হয় আৰু ভুৱা পৰীক্ষাৰ্থীজন বাহিৰলৈ ওলাবলৈ লওঁতে নিৰীক্ষকৰ চকুত ধৰা পৰে।

পিছত দুয়োজন যুৱকক মহাবিদ্যালয়খনৰ অধ্যক্ষই আৰক্ষীৰ হাতত গতাই দিয়ে।

ইতিমধ্যে জালিয়াতিৰে পৰীক্ষা দিয়াৰ অভিযোগত দুয়োজন যুৱকৰ ওপৰত ধেমাজি জিলাৰ আৰক্ষীয়ে ৪৩৭/২১ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Leave a Comment