প্ৰৱল বৃষ্টিপাতৰ আগজাননী! গোৱালপাৰাত মোবাইলে মোবাইলে আহিছে সতৰ্কবাণীৰ মেচেজ…

ৰাজ্যত উজনিৰ পৰা নামনিলৈ অব্যাহত আছে বলিয়া বানৰ তাণ্ডৱ।
জেঠ মহীয়া বানত ককবকাইছে ৰাজ্যৰ সাধাৰণ জনতা।
বান বিধ্বস্ত ডিমা হাচাও, বৰাকৰ লগতে ক্ৰমে উজনি আৰু নামনি অসমৰ মুঠ ২৯ খন জিলা সম্প্ৰতি বানৰ কৱলত।
ইয়াৰ মাজতে গোৱালপাৰা জিলাক লৈ বিশেষ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
জিলাখনৰ প্ৰতিগৰাকী লোকৰ মোবাইললৈ এছ এম এছ যোগে সতৰ্কবাণী প্ৰেৰণ কৰিছে ভাৰতীয় বতৰ বিজ্ঞানী বিভাগৰ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
SMS টোত লিখিছে- ‘IMD\, RMC\, has issued heavy rainfall forecast over Goalpara district of Assam in the next 24 hours.. ASDMA’ অৰ্থাৎ গোৱালপাৰা জিলাত আগন্তুক ২৪ ঘন্টাত প্ৰৱল বৃষ্টিপাতৰ আগজাননীৰ সতৰ্কবাণী জাৰি কৰিছে।

এই SMS পাই এতিয়া জিলাখনৰ জনসাধাৰণ আতংকিত হোৱা দেখা গৈছে৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ক্ৰমে ২০০৪ আৰু ২০১৪ চনত মেঘালয়ৰ পৰা নামি অহা প্ৰলয়ংকৰী ঢলে নিমিষতে ধ্বংস কৰি গৈছিল গোৱালপাৰা জিলাৰ প্ৰায় ৬০ শতাংশ এলেকা, প্ৰাণ হেৰুৱাইছিল বহুজনে।
সেই দুৰ্যোগ এতিয়াও পাহৰা নাই জিলাখনৰ লোকসকলে, যাৰ বাবে আজি অহা SMS টোৱে আতংকিত কৰিছে গোৱালপাৰাৰ প্ৰতিগৰাকী লোকক।