নিউজ ডেস্কঃ দশম শ্ৰেণীলৈকে পঢ়ি আৰ্থিক দৈন্যতাৰ বাবে এদিন কৰ্মৰ সন্ধানত অসমৰ পৰা চেন্নাইলৈ গৈছিল এজন যুৱক।
হাতত নিয়া এহাজাৰ টকাৰ ৮০০ টকা খৰছ হৈছিল ৰে’লৰ ভাড়াৰ নামতেই। হাতত বাকী ৰৈছিল মাত্ৰ দুশ টকা।
সেই দুশ টকাৰেই চেন্নাইত দুমাহ ধৰি সংস্থাপনৰ সন্ধানত ঘুৰ্মুটিয়াই ফুৰিছিল যুৱকজনে।
আৰু অৱশেষত তেওঁ লাভ কৰিছিল এটা চাকৰি। চাকৰি ছিকিউৰিটী গাৰ্ডৰ।

এটা মাল্টিনেশ্যনেল ছফ্টৱেৰ কোম্পানীৰ ছিকিউৰিটী গাৰ্ড হিচাপে কৰ্মজীৱন আৰম্ভ কৰি অৱশেষত সেই কোম্পানীৰে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত হৈ আছে অসমৰ এইগৰাকী যুৱক।
নাম তেওঁৰ আব্দুল আলিম। বৰপেটা জিলাত ঘৰ।
২০১৩ চনত হাতত মাত্ৰ এহাজাৰ টকা লৈ চেন্নাইলৈ গৈছিল আব্দুল আলিমে। আৰু তাৰ পিছতে তাত আৰম্ভ হৈছিল তেওঁৰ কঠিন যাত্ৰা।

‘জোহো’ নামৰ প্ৰতিষ্ঠিত ছফ্টৱেৰ কোম্পানীটোত তেওঁ ছিকিউৰিটী গাৰ্ড হিচাপে কাম লাভ কৰিছিল।
তাত কৰ্মৰত হৈ থকা সময়তে শ্বিবু এলেক্সিছ নামৰ কোম্পানীটোৰ এজন জ্যেষ্ঠ কৰ্মচাৰীৰ চকু পৰে আব্দুলৰ ওপৰত। তেওঁ সোধে আব্দুলৰ পঢ়া-শুনা আৰু কম্পিউটাৰৰ জ্ঞানৰ কথা।
স্কুলীয়া দিনতে HTMLৰ বিষয়ে অলপ শিকিছিল আব্দুল আলিমে। যাৰ বাবে ছফ্টৱেৰৰ প্ৰতি আগ্ৰহ তেওঁৰ আগৰে পৰাই আছিল।
জ্যেষ্ঠ কৰ্মচাৰীজনৰ পৰামৰ্শ আৰু সহায়তে কোডিং আৰু কম্পিউটাৰৰ বিষয়ে অধিক শিকিবলৈ আৰম্ভ কৰে আব্দুল আলিমে।

আৰু তেনেকৈয়ে দশম শ্ৰেণী উত্তীৰ্ণ আব্দুল ছফ্টৱেৰত সিদ্ধহস্ত হৈ মন জয় কৰে কোম্পানী কৰ্তৃপক্ষৰ।
অশেষ প্ৰচেষ্টা, শিকাৰ আগ্ৰহ আৰু অধ্যাৱসায়ৰ পৰিণতিত আজি ‘জোহো’ কোম্পানীতে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিছে বৰপেটাৰ আব্দুল আলিমে।
তেওঁৰ ছিকিউৰিটী গাৰ্ডৰ পৰা ছফ্টৱেৰ ইঞ্জিনিয়াৰলৈ এই চিনেমাৰ কাহিনীৰ দৰে যাত্ৰাৰ বিষয়ে দুবছৰ পূৰ্বেই লিংকডিনত এটা দীঘলীয়া পোষ্ট কৰিছিল আব্দুল আলিমে।

নিশ্চিতভাৱে আব্দুল আলিমৰ এই যাত্ৰা আৰু সাফল্য আন বহুতৰে বাবে প্ৰেৰণাদায়ক হ’ব পাৰে।
আব্দুল আলিমে নিজেই ক’ব বিচাৰে- শিকাৰ কোনো নিৰ্দিষ্ট বয়স নাই। শিকাৰ আগ্ৰহ থাকিলে সকলো সম্ভৱ।
যিদৰে ছিকিউৰিটী গাৰ্ডৰ পৰা উত্তোৰণ ঘটাই আজি বহুজাতিক কোম্পানীৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ’বলৈ সক্ষম হৈছে অসমৰ এই যুৱকজন…।