প্ৰশংসনীয়! জলপ্ৰপাতত ভৰি পিচলি শিলৰ ফাঁকত সোমাই পৰিল পৰ্যটক, নিজৰ জীৱনকো বিপন্ন কৰি এনেদৰে প্ৰাণ বচালে ফজলুদ্দিনে…

নিউজ ডেস্কঃ জলপ্ৰপাতৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি থকাৰ সময়তে হঠাৎ পিচলি পৰা এজন পৰ্যটকৰ জীৱন ৰক্ষা কৰি সৰ্বত্ৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ফজলুদ্দিন নামৰ এজন যুৱকে।

নিজৰ জীৱনকো বিপন্ন কৰি জলপ্ৰপাতৰ ৫০ ফুট গভীৰতাৰ পৰা পৰ্যটক যুৱকজনৰ জীৱন ৰক্ষা কৰা ফজলুদ্দিনৰ সাহকিতাই এতিয়া লাভ কৰে চৰ্চা।

দৰাচলতে সোমবাৰে দিনৰ ভাগত তামিলনাডুৰ এটা ৫ জনীয়া যুৱকৰ দল কেৰালাৰ মালাপ্পুৰমৰ কৰুবাৰকুণ্ডুৰ কেৰালামকুণ্ডু জলপ্ৰপাতৰ দৃশ্য উপভোগ কৰিবলৈ আহে।

যুৱকজনে জলপ্ৰপাতৰ কাষত থিয় হৈ দৃশ্য উপভোগ কৰি থকাৰ সময়তে বিজেশ নামৰ যুৱকজনৰ ভৰি পিচলি ৫০ ফুট গভীৰতাত সোমাই পৰে।

পানী প্ৰবাহিত শিলৰ ফাকত আৱদ্ধ হৈ পৰা বিজেশক বন্ধু কেইজনে শিলৰ ফাকৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় যদিও ওপৰলৈ তুলি নিয়াত ব্যৰ্থ হয়।

আনহাতে সেই সময়ত বিজেশৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁ নিজেও উঠি আহিব পৰা অৱস্থাত নাছিল।

যুৱক কেইজনে বিজেশক লৈ কি কৰো কি নকৰো ভাৱি থাকোতেই সেই স্থানত উপস্থিত হয় ফজলুদ্দিন।

তাৰ পিছতো অলপো পলম নকৰাকৈ ফজলুদ্দিনে বিজেশক পিঠিত ৰছীৰে বান্ধি ৰছীৰ সহায়ত লাহে লাহে ওপৰলৈ উঠি আহিবলৈ সক্ষম হয়।

ওপৰ পোৱাৰ পিছতে আঘাতপ্ৰাপ্ত বিজেশক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় আৰু উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত হাস্পতাললৈও প্ৰেৰণ কৰা হয়।

সকলোৰে বাবে অসম্ভৱ যেন লগা এক দুঃসাহসিক কাৰ্যৰে ফজলুদ্দিনে এজন যুৱকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হোৱাত তেওঁক ভূয়সী প্ৰশংসা কৰিছে সকলোৱে।

ইফালে ফজলুদ্দিনে এই সন্দৰ্ভত কয় যে পূৰ্বে তেওঁৰ কুঁৱা খন্দাৰ অভ্যাস থকাৰ বাবেই ৰছীৰ সহায়ত বগোৱাটো তেওঁৰ বাবে অসম্ভৱ নাছিল।

জীৱনৰ বাবে সংগ্ৰাম কৰি থকা এজন ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিবলৈ পাই সুখী বুলি মন্তব্য কৰে ফজলুদ্দিনে।