১৭ ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন।
মোডীৰ জন্মদিন উপলক্ষ্যে দেশজুৰি ব্যাপক কাৰ্যসূচীৰ হাতত লৈছে বিজেপিয়ে।
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষ্যে দিল্লীৰ এখন ৰেষ্টুৰৰেণ্টে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।
মোডীৰ জন্মদিন উপলক্ষ্যে ৰেষ্টুৰেণ্টখনে প্ৰস্তুত কৰি উলিয়াইছে এখন বিশেষ থালী।
নিৰ্দিষ্ট সময়ৰ ভিতৰত থালীখন খাব পাৰিলে লাভ কৰিব এক ডাঙৰ উপহাৰ।
৫৬ বিধ খাদ্য সম্ভাৰেৰে প্ৰস্তুত কৰা থালীখনৰ নাম ৰখা হৈছে ‘৫৬ ইঞ্চি মোডী জি থালী’ ৷

দিল্লীৰ কনট প্লেচৰ ARDOR 2.1 নামৰ ৰেষ্টুৰেণ্টখনে গ্ৰহণ কৰিছে এই পদক্ষেপ।
৪০ মিনিটত উক্ত থালীখন খাব পাৰিলে ৮.৫ লাখ টকাৰ উপহাৰ আগবঢ়াব ৰেষ্টুৰৰেণ্ট খনে।
থালীখন খাবলৈ অহা গ্ৰাহকৰ মাজতো অনুষ্ঠিত হ’ব ‘লাকী ড্ৰ’ ৷
লগতে বিজেতাই লাভ কৰিব বিনামূলীয়া কেদাৰনাথ ভ্ৰমণৰ সুবিধা।
ৰেষ্টুৰৰেণ্ট খনৰ মালিক সুমিত কালাৰাই কয় যে, ‘মই প্ৰধানমন্ত্ৰীক সন্মান কৰোঁ। তেওঁ আমাৰ দেশৰ গৌৰৱ আৰু আমি কিবা এটা উপহাৰ দিব বিচাৰো। সেইবাবে আমি নাম দিয়া এই বিশাল থালিটো মুকলি কৰাৰ সিদ্ধান্ত লৈছিলো।