অসমঅসমীয়া

প্ৰতিশ্ৰুতি পূৰণ! প্ৰথমবাৰৰ বাবে ৩১ ডিচেম্বৰৰ নিশা মহানগৰীত দুৰ্ঘটনাত মৃত্যু নহ’ল এজনৰাে

প্ৰতিশ্ৰুতি পূৰণত সফল হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যাৰ ফলত নৱবৰ্ষৰ আৰম্ভণিৰ দিনটোত সকলোৰে বাবে চৰ্চাৰ বিষয় হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী।

উল্লেখ্য যে, ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত সুৰাসক্ত হৈ বাহন চলোৱাৰ বাবে প্ৰতি বছৰে সংঘটিত হৈ আহিছে বহু দুৰ্ঘটনা। আনহাতে এই দুৰ্ঘটনাত পতিত হৈ অনেক জনে মৃত্যুকো সাবটি ল’বলগীয়া হৈছে।

তেনে পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতিবদ্ধ হৈছিল যে ২০২১ৰ শেষৰ দিনটোত এজন ব্যক্তিৰো দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটিবলৈ তেওঁ নিদিয়ে।

মুখ্যমন্ত্ৰীৰ এই প্ৰতিশ্ৰুতিৰ পিছতে ৰাজ্যৰ চুকে-কোণে সুৰাপায়ী বাহন চালকৰ বিৰুদ্ধে কঠোৰ হৈ পৰে আৰক্ষী-প্ৰশাসন। বিশেষকৈ বনভোজস্থলী সমূহত কঠোৰ দৃষ্টি ৰাখিছিল আৰক্ষী-প্ৰশাসনে।

সুৰাপান কৰি বাহন চলোৱা বহু চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে বিহা হয় বৃহৎ পৰিমাণৰ জৰিমনা।

আনকি ৩১ ডিচেম্বৰৰ নিশা খোদ মুখ্যমন্ত্ৰী ৰাজপথলৈ ওলাই আহি গুৱাহাটী মহানগৰীত সুৰাপান কৰি বাহন চলোৱাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰে আৰু কেইবাটাও স্থানত বাহন চালকৰ সৈতে মত বিনিময় কৰা পৰিলক্ষিত হয়।

মুখ্যমন্ত্ৰী আৰু অসম-আৰক্ষীৰ এই তৎপৰতাই এইবাৰ ব্যতিক্ৰম কৰি তুলিলে ৩১ ডিচেম্বৰৰ নিশাটো। চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২১ৰ ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যৰ কোনো প্ৰান্তৰ পৰা দুৰ্ঘটনাৰ খবৰ লাভ কৰা হোৱা নাই।

উল্লেখ্য যে, ২০২০ বৰ্ষৰ ৩১ ডিচেম্বৰ আৰু ২০২১ৰ ১ জানুৱাৰীত সুৰাসক্ত হৈ বাহন চলোৱাৰ ফলত ৰাজ্যত সংঘটিত হৈছিল ৬৭ টাকৈ পথ দুৰ্ঘটনা। কেৱল ৩১ডিচেম্বৰৰ নিশাটোতেই গুৱাহাটী মহানগৰীত ১০ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল। যাৰ ফলত ২ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হৈছিল ৫ জন লোক।

কিন্তু এইবাৰ এটা ব্যতিক্ৰমী নৱবৰ্ষ অসমবাসীক উপহাৰ দিবলৈ সক্ষম হয় অসম চৰকাৰে। দুৰ্ঘটনাবিহিনী নৱবৰ্ষ উদযাপনৰ বাবে অসমবাসীক ধন্যবাদ জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button