
প্ৰচণ্ড তুষাৰপাত আৰু দুটাকৈ হিমস্খলনৰ বাবে জম্মু-কাশ্মীৰৰ চকীবল-টাংধাৰ ৰোডত (ৰাষ্ট্ৰীয় ঘাইপথ-৭০১) আবদ্ধ হৈ থকা ৩০ জন পৰ্যটকক উদ্ধাৰ কৰে ভাৰতীয় সেনা আৰু জিআৰইএফৰ দলে।
মঙলবাৰে এই কথা জানিবলৈ দিয়ে ভাৰতীয় সেনাই।
শ্ৰীনগৰৰ সেনাৰ জনসম্পৰ্ক বিষয়া (পিআৰঅ’) অনুসৰি, ভাৰতীয় সেনাৰ হিমস্খলন উদ্ধাৰকাৰী দল আৰু জিআৰইএফৰ এটা দলক লৈ গঠিত দুটা উদ্ধাৰকাৰী দলে ৭০১নং ৰাষ্ট্ৰীয় ঘাইপথৰ খুনি নালা আৰু এছএম হিলৰ ওচৰত সাধাৰণ লোকসকল আৱদ্ধ হৈ থকাৰ তথ্য লাভ কৰাৰ পিছতে উদ্ধাৰৰ বাবে অভিযান চলায়।

প্ৰতিকূল বতৰকো নেওচি ভাৰতীয় সেনাৰ উদ্ধাৰকাৰী দলে সাধাৰণ লোকসকলক উদ্ধাৰ কৰি ১৪ জন নাগৰিকক নীলমলৈ আৰু বাকী ১৬ জনক সাধনা পাছলৈ লৈ যায়।
সেনাই জানিবলৈ দিয়া মতে, উদ্ধাৰ কৰা লোকসকলক নিশাৰ খাদ্য, চিকিৎসা আৰু আশ্ৰয় প্ৰদান কৰা হয়।

ভাৰতীয় সেনাৰ এগৰাকী বিষয়াই কয়, “বিপদজনক পৰিস্থিতিৰ মাজত বৰফ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত জিআৰইএফে এক কঠিন কিন্তু সুন্দৰ ভূমিকা পালন কৰে। যাৰ ফলত প্ৰতিকূল বতৰৰ মাজতো আমি ১২ খন বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। গোটেই প্ৰচেষ্টাটোত প্ৰায় পাঁচৰ পৰা ছয় ঘণ্টা সময় লাগিছিল।”
উল্লেখ্য যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে যোৱা সপ্তাহত জম্মু-কাশ্মীৰৰ গুলমাৰ্গ, পহেলগামত চলি থকা তুষাৰপাতৰ তীব্ৰতা আৰু ঠায়ে ঠায়ে পাতল বৰষুণ হোৱাৰ আশংকা ব্যক্ত কৰিছিল।
লগতে চাওকঃ
INS ৰণবীৰত ভয়ংকৰ বিস্ফোৰণ, ৩ নৌসেনা শ্বহীদ, আহত ১১ জন
