
নিউজ ডেস্ক। দেশৰ বিভিন্ন প্ৰান্তত আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হ’স প্ৰেম আৰু ভাতৃত্ববোধৰ পৱিত্ৰ উৎসৱ ৰাখীবন্ধন।
এই উপলক্ষে বিভিন্ন লোকে সামাজিক মাধ্যমযোগে আপলোড কৰা লাখ লাখ আলোকচিত্ৰৰ মাজত বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে এখন আকৰ্ষণীয় তথা ব্যতিক্ৰমী আলোকচিত্ৰই।
ফটোখন ৰাজস্থানৰ, য’ত এগৰাকী মহিলাই এটা ৰুগীয়া নাহৰফুটুকী বাঘক ৰাখী বান্ধি থকা দেখা গৈছিল।
মহিলাগৰাকীৰ এনে কাৰ্য্যই এতিয়া জয় কৰিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ মন। ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে ব্যৱহাৰকাৰী সকলৰ মোবাইলে মোবাইলে।

ভাৰতীয় বন সেৱাৰ বিষয়া সুশান্ত নন্দাই শ্বেয়াৰ কৰা আলোকচিত্ৰখনত গুলপীয়া শাৰী পিন্ধা মহিলাগৰাকীয়ে নাহৰফুটুকী বাঘটোৰ সন্মুখৰ ভৰিত ৰাখী বান্ধি থকা দেখা গৈছে ।
নন্দাই উল্লেখ কৰিছিল যে মহিলাগৰাকীয়ে অসুস্থ নাহৰফুটুকী বাঘটো বন বিভাগক গতাই দিয়াৰ আগমূহুৰ্তত ৰাখী বান্ধি দিছিল ।
For ages, man & animal in India have lived in harmony with unconditional love to the wild.
— Susanta Nanda IFS (@susantananda3) August 12, 2022
In Rajasthan, a lady shows this unfettered love to our wild by tying a Rakhi(symbol of love & brotherhood ) to an ailing Leopard before handing over to Forest Department.
(As received) pic.twitter.com/1jk6xi1q10
মহিলাগৰাকীৰ এনে হৃদয়স্পৰ্শী কাৰ্য্যই সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলক অনুপ্ৰেৰিত কৰা দেখা গৈছিল ।
এজন ব্যৱহাৰকাৰীয়ে আলোকচিত্ৰ খন সম্পৰ্কে মন্তব্য কৰি লিখিছিল, ৰাখী বন্ধাটো সাংকেতিক। মৰম আৰু আদৰ সদায়ে ধুনীয়া, ঠিক মহিলাগৰাকীয়ে দেখুওৱাৰ দৰে। অৰণ্যৰ যত্ন লোৱা সকলো কৰ্মচাৰীক বহুত ধন্যবাদ।