অসম

প্রথমে জাতি পিচতহে বিজেপি, যদি জাতিয়ে নাথাকে দল কৰি কি লাভঃ বিধায়ক ৰমাকান্ত দেউৰী…

নিজৰ দলৰেই চৰকাৰৰ বিৰুদ্ধে সৰৱ বিধায়ক ৰমাকান্ত দেউৰী।

অসম ৰাজ্যিক ৰাজধানী ক্ষেত্র উন্নয়ন প্ৰাধিকৰণ আইন ২০১৭ৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে তিবা স্বায়ত্ত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত মধ্য অসমৰ তিৱা জনগোষ্ঠীয় ৰাইজে তীব্ৰ গণতান্ত্রিক আন্দোলনৰ গঢ়ি তোলাৰ সময়তে এইবাৰ মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ আন্দোলনৰ হুংকাৰ দিলে মৰিগাঁও সমষ্টিৰ বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।

জাগীৰোডৰ এখন সভাত নিজৰ স্থিতি প্রকাশ কৰি বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে কয়- ‘আজি মই অপেন কৈছো। চিক্স ছিদিউল লাগিবই আৰু ডেৰটা বছৰ ধৈৰ্য ধৰিম। ন্যায্য নাপালে মই নিজেই আন্দোলনত নামিযম। প্রথমে জাতি, তাৰ পিচতহে দল।

বিধায়ক বিধায়ক দেউৰীয়ে কয়- কাৰোবাৰ প্ৰৰোচনাত জাতিৰ ধ্বংস হ’বলৈ নিদিওঁ। যদি নিজৰ ন্যায্য আদায় কৰিব নোৱাৰো, তেনেহ’লে সেই জাতিটোত জন্মগ্রহণ কৰাৰ লাভ কি হ’ব। যদি দল কৰি জাতিয়েই জীয়াই ৰাখিব নোৱাৰো, দল কৰি কি লাভ? যদি মাটি-ভেটিয়েই নাথাকে আমি ক’ত যাম,?’

আনহাতে অসমত বহু জনগোষ্ঠীয় এম এল এ আছে, কাৰোবাৰ এনেদৰে নিজৰ জাতি-জনগোষ্ঠীৰ হকে দলৰ বিৰুদ্ধে ক’বলৈ দম আছে নেকি বুলি বুলিও মন্তব্য কৰে বিজেপি বিধায়ক দেউৰীয়ে।

তেওঁ কয়- আমি কংগ্রেছক দোষী কৰি আহিছো। কিন্তু ক্ষমতা থাকক বা নাথাককেই কংগ্ৰেছ চৰকাৰে আমাক স্বায়ত্ত পৰিষদখন দিলে। কিন্তু নিজৰ চৰকাৰখনে কি দিছে। ছিক্স ছিডিউল বিচাৰিছো, দিয়া নাই। মাটি-ভেটিৰ সুৰক্ষা বিচাৰিছো। তাকো নিদিয়ে। কাটি নিবহে বিচাৰিছে। আমাৰ অধিকাৰ, ন্যায্য প্রাপ্য আত্মসাৎ কৰিবলৈ বিচাৰিছে।

ৰাজধানী ক্ষেত্র সম্প্ৰসাৰণক লৈ দল-সংগঠনসমূহে উত্তাল প্রতিবাদ অব্যাহত ৰখাৰ সময়তে মৰসাহ কৰি আন্দোলনকাৰীৰ পক্ষত থিয় দিয়া মৰিগাঁও সমষ্টিৰ বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে স্পষ্ট ভাষাৰে কয় যে ৰাজধানী ক্ষেত্র সম্প্ৰসাৰণ হওক, উন্নয়ন হওক, তাত আমাৰ কোনো দ্বিমত নাই। কিন্তু ৰাজধানী সম্প্ৰসাৰণৰ সুযোগ লৈ যদি কোনোবা এটা খিলঞ্জীয়া জাতিৰ অনিষ্টসাধন হয়, ন্যায্য প্রাপ্যৰ পৰা বঞ্চিত হয়, তেতিয়াহ’লে সেইখিনি দায়িত্ব কিন্তু চৰকাৰে ল’ব লাগিব।

সদৌ তিবা ছাত্ৰ সন্থাই কৰা আন্দোলনৰ যুক্তিযুক্ততা আছে বুলি প্ৰকাশ কৰি দেউৰীয়ে কয় যে, আন্দোলন কিয় নকৰিব, যেতিয়া শ্বিলঙৰ পৰা দিছপুৰত ৰাজধানী হয়, তেতিয়া ট্রাইবেল বেল্ট আৰু ব্লকবিলাক ধ্বংস কৰিলে। তেতিয়া থলুৱা জনগোষ্ঠীয় লোকসকলে ঘৰ-বাৰী এৰি, ভূমি হেৰুৱাই অঘৰী জীৱন যাপন কৰিলে। তাৰ পিচত আহিল নগাঁও কাগজ কল। নগাঁও কাগজ কলটো ট্রাইবেল বেল্ট আৰু ব্লকত। তেতিয়া ক’লে যে জনজাতি লোকসকলৰ একো অনিষ্ট নহয়। আমি প্রত্যেক ঘৰৰ লোকক চাকৰি দিম। কিন্তু কেইটাক চাকৰি দিলে। নগাঁও কাগজ কল স্থাপন হোৱাৰ পিচতো জনজাতি লোকসকলে অঘৰী জীৱন যাপন কৰিবলগা হ’ল। আৰু এতিয়া আকৌ ৰাজধানী ক্ষেত্র সম্প্ৰসাৰণ। ৰাজধানী সম্প্ৰসাৰণ হোৱাত আমাৰ আপত্তি নাই। কিন্তু ট্রাইবেল বেল্ট আৰু ব্লক সংৰক্ষিত কৰিব লাগিব।

মই এজন তিৱা জনগোষ্ঠীয় ব্যক্তি আৰু মৰিগাঁও সমষ্টিৰ এজন বিধায়ক। শদিয়াৰ পৰা ধুবুৰীলৈ এজন মাত্র তিৱা। মই যদি জাতিটোৰ কথাত মাত নামাতো বা নকওঁ কোনে ক’ব?’ প্রথম জাতিটো ৰক্ষা, তাৰ পিচত দল।

কাৰোবাৰ ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে এই সম্প্ৰসাৰণ বিচাৰিছে বুলি আন এক বিস্ফোৰণ ঘটায় বিধায়কগৰাকীয়ে।

Related Articles

Back to top button