অসম
পূজাৰ বতৰত ভাল খবৰ! দাম কমিল বাণিজ্যিক এল. পি. জি. চিলিণ্ডাৰৰ…

দুৰ্গা পূজাৰ আৰম্ভণিতে এক ভাল খবৰ।
দাম কমিল বাণিজ্যিক এল. পি. জি. চিলিণ্ডাৰৰ।
ইণ্ডিয়ান অইলে ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছে।
২৫ টকা ৫ পইচাকৈ কমিল বাণিজ্যিক চিলিণ্ডাৰৰ দাম।
শেহতীয়া সংশোধনৰ সৈতে দিল্লীত ১৮৮৫ টকাৰ পৰিৱৰ্তে ১৯ কিলোগ্ৰাম চিলিণ্ডাৰৰ মূল্য ১৮৬০ টকা হ’ব।
কলকাতাত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য এতিয়া ১,৯৯৫.৫০ টকাৰ পৰিৱৰ্তে ১,৯৫৯ টকা হ’ব।
মুম্বাইত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১,৮৪৪ টকাৰ পৰিৱৰ্তে ১,৮১১.৫০ টকা হ’ব।
শণিবাৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ।