fbpx
অসম

পুৱাই ফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে…

অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে।

শনিবাৰে পুৱাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি পৰিস্থিতি বুজ ল’লে প্রধানমন্ত্রী মোডীয়ে।

বান পৰিস্থিতিক লৈ অসমক সকলো ধৰণে সহায় কৰিব বুলি আশ্বাস দিলে মোডীয়ে।

পুৱা ৬ বজাতেই প্ৰধানমন্ত্ৰী মোডীয়ে ফোন কৰিলে মুখ্যমন্ত্ৰী ড০ শৰ্মালৈ।

টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা।

উল্লেখ্য যে, আজি ৰাজ্যৰ ৩ স্থানত বান পৰিস্থিতিৰ বুজ ল’ব মুখ্যমন্ত্ৰীয়ে।

ৰঙিয়া, কমলপুৰ আৰু ছিপাঝাৰত বান পৰিস্থিতি বুজ ল’ব মুখ্যমন্ত্ৰীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!