fbpx
অসমঅসমীয়া

পুৱতি নিশা ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাত পতিত নৈশ বাছ

নিউজ ডেস্ক। ঘন কুঁৱলীৰ লগতে অত্যধিক বেগত যান-বাহন চলােৱাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিতৌ সংঘটিত হৈছে পথ দুৰ্ঘটনা।

পুৱতি নিশা ঘন কুঁৱলীৰ বাবে ডিমৌৰ দিচাং ৰজাবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হ’ল এখন নৈশ বাছ।

অৱশ্যে, দুৰ্ঘটনাটোত দৈব্যক্ৰমে প্ৰাণৰক্ষা পৰে বাছখনত থকা ৩০ যাত্ৰীৰ।

জানিব পৰা অনুসৰি, গুৱাহাটীৰ পৰা দুলিয়াজান অভিমুখী AR-01M-7942 নম্বৰৰ নৈশ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে।

3-19

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে নৈশ বাছখনৰ চালক আৰু হেণ্ডিমেনজনে পলায়ন কৰে।

পাছত স্থানীয় লোকে ঘটনাৰ বিষয়ে গম পাই আৰু বাছখনৰ গ্লাচ ভাঙি যাত্ৰীসকলক উদ্ধাৰ কৰে।

এই দুৰ্ঘটনাটোত কেইবাজনো যাত্ৰী সামান্য পৰিমাণে আহত হয় আৰু পৰৱৰ্তী সময়ত অন্য বাহনৰ যোগেদি বিভিন্ন স্থানলৈ ঘৰমুৱা হয়।

বাছখনৰ এজন যাত্ৰীয়ে প্ৰকাশকৰা অনুসৰি ঘন কুঁৱলীৰ বাবেই বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু পথৰ দাঁতিত বাগৰি পৰে আৰু যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

পাছত বাছখনৰ গ্লাচ ভাঙি ওলাই আহিবলৈ সক্ষম হয়।

লগতে চাওকঃ

শোকাবহ পথ দুৰ্ঘটনা! দুই কণমানি শিক্ষাৰ্থীসহ শিক্ষয়িত্ৰীৰ কৰুণ মৃত্যু…

photo-2022-01-25-16-53-16

২২ মহীয়া শিশুৱে অনলাইনত অৰ্ডাৰ দিলে ডেৰ লাখতকৈও অধিক মূল্যৰ আচবাব! হতবাক পিতৃ-মাতৃ

G8

Related Articles

Leave a Reply

Back to top button