পুনৰ মাৰ্শ্বেল লগাই সদনৰ বাহিৰ কৰি দিয়া হ’ল বিধায়ক অখিল গগৈক! কাৰণ…

নিউজ ডেস্কঃ বিধানসভাৰ শীতকালীন অধিৱেশৰ চতুৰ্থ দিনাও মাৰ্শ্বেল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়া হ’ল বিধায়ক অখিল গগৈক।

সদন ত্যাগ কৰাৰ হুংকাৰ দিয়াৰ পিছতে বিধায়কগৰাকীক মাৰ্শ্বেল লগাই বাহিৰ কৰি দিয়ে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

সদনৰ মজিয়াত কথা ক’বলৈ সুযোগ নিদিয়াৰ অভিযোগ বিধায়ক অখিল গগৈৰ।

আনহাতে শাসক পক্ষই ধমকি প্ৰদানৰো অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে।

বিধানসভাত চিলিং আইন সংশোধনীৰ প্ৰস্তাৱ উত্থাপন কৰিব বিচাৰিছিল বিধায়ক অখিল গগৈয়ে।

কিন্তু বিধানসভাৰ অধক্ষ্যই অখিল গগৈক কথা কোৱাৰ সুযোগ নিদিয়াত সদনৰ ত্যাগৰ হুংকাৰ দিয়ে বিধায়কগৰাকীয়ে।

তাৰ পিছতে শীতকালীন অধিৱেশনত তৃতীয়বাৰৰ বাবে সদনৰ পৰা বাহিৰ কৰি দিয়া হয় অখিল গগৈক।