অসম

পুনৰ বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ! লকডাউন সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰন্ত হোৱা লোকৰ সংখ্যা।

ৰাজ্যত ৩০০ৰো অধিক লোক আক্ৰান্ত কৰ’ণাত।

দুৰ্গা পূজাৰ পিছত কামৰূপ(মেট্ৰ’)ৰ লগতে ৰাজ্যত বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ।

ইয়াৰ মাজতে কৰ’ণাৰ নীতি নিৰ্দেশনাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ।

ৰাজ্যত লকডাউন দিব লগা পৰিস্থিত পুনৰ হ’ব নেকি, তাকলৈও চলিছিল চৰ্চা।

ইয়াৰ মাজতে দেওবাৰে কৰ’ণাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শৰ্মাই কয় যে, ‘ৰাজ্যত আকৌ লকডাউন নহয়, কিন্তু সকলোৱে ভেকচিন ল’ব লাগিব।’

জানিব পৰা মতে, বিগত ২৪ ঘন্টাত ৰাজ্যত প্ৰায় ৩২৪ জন লোক কৰ’ণাত আক্ৰান্ত হৈছে।

ইয়াৰ ভিতৰতকামৰূপ (মেট্ৰ’)ত আক্ৰান্ত হৈছে ৮৮ জন লোক।

Leave a Reply

Your email address will not be published. Required fields are marked *