পুনৰ ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ কুকীৰ্তি! এইবাৰ হাতে-লোটে গ্ৰেপ্তাৰ শিক্ষা বিষয়া…

নিউজ ডেস্কঃ পুনৰ ঘোচকাণ্ড!

এইবাৰ ঘোচ লৈ গ্ৰেপ্তাৰ এগৰাকী শিক্ষা বিষয়া।

দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত হাতে-লোটে গ্ৰেপ্তাৰ শিক্ষা বিষয়া বুদ্ধ কটকী।

গুৱাহাটী মহকুমাৰ বিদ্যালয়ৰ উপ-পৰিদৰ্শক ঘোচখোৰ বুদ্ধ কটকী।

বিদ্যালয়ৰ নামত আৱণ্টিত উন্নয়ন পুঁজিৰ হিচাবত সকাহ দিয়াৰ বাবদ ধন বিচাৰিছিল শিক্ষা বিষয়াগৰাকীয়ে।

শনিবাৰে সেই ধন গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হয় কটকী।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শুকুৰবাৰৰ দিনটোত ৰাজ্যত ঘোচ লৈ গ্ৰেপ্তাৰ হৈছিল তিনিজনকৈ চৰকাৰী কৰ্মচাৰী।