fbpx
অসমঅসমীয়া

পুনৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী

নিউজ ডেস্ক। নিশাৰ পৰাই অব্যাহত থকা মুষলধাৰ বৰষুণৰ পিছতে পুনৰ কৃত্ৰিম বানৰ কবলত পৰিছে গুৱাহাটী মহানগৰীৰ বহু অঞ্চল।

এই নেৰানেপাৰা বৰষুণৰ ফলতে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে মহানগৰীৰ বিভিন্ন প্ৰান্তত।

G1 15

বিশেষকৈ জু-ৰােড, হাতীগাঁও, অনিল নগৰকে ধৰি মহানগৰীৰ কেবাটাও গুৰুত্বপূৰ্ণ পথ কৃত্ৰিম বানৰ কবলত পৰিছে।

ইয়াৰ উপৰি মহানগৰীৰ জালুকবাৰীৰ পৰা খানাপাৰা সংযােগী ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন অংশ কৃত্ৰিম বানত বুৰ গৈছে।

কৃত্ৰিম বানৰ ফলত ব্যাহত হৈ পৰিছে মহানগৰবাসীৰ জনজীৱন। বিশেষকৈ স্কুল-কলেজলৈ যােৱা শিক্ষাৰ্থীসকল ভীষণ অসুবিধাৰ সন্মুখীন হৈছে।

বহু ঠাইত একাঁঠু পৰ্যন্ত কৃত্ৰিম বানৰ ফলতে বন্ধ হৈ পৰিছে যান-বাহনৰাে চলাচল। ইয়াৰ ফলতে সৃষ্টি হৈছষ এক অবৰ্ণনীয় পৰিস্থিতি।

কেৱল কৃত্ৰিম বানেই নহয়, ভয়াৱহ ভূমিস্খলনৰ কবলত পৰিছে মহানগৰীৰ কেবাটাও অঞ্চল।

ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰা মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যাই ‘স্মাৰ্ট চিটি’ৰ এক বিপৰীত ৰূপ পুনৰ উদঙাই দেখুৱাইছে।

ইপিনে, বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ১৭ জুন পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাতৰ আগজাননী দিছে।

এই পৰিপ্ৰেক্ষিততে মহানগৰ জিলা প্ৰশাসনেও সকলােকে সতৰ্ক হৈ থকাৰ লগতে অতি জৰুৰী হ’লেহে বাহিৰলৈ ওলাই যাবলৈ পৰামৰ্শ দিছে।

লগতে চাওকঃ

মহানগৰীত ভয়াৱহ ভূমিস্খলনৰ ঘটনা, ৪ জন শ্ৰমিকৰ কৰুণ মৃত্যু

G3 9

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!