fbpx
অসমীয়াৰাষ্ট্ৰীয়

পুনৰ কাশ্মীৰী পণ্ডিতৰ হত্যা! বজাৰলৈ যোৱাৰ পথতে সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে চিকিউৰিটি গাৰ্ড সঞ্জয় শৰ্মাক…

নিউজ ডেস্কঃ পুনৰ অশান্ত হৈ পৰিছে জম্মু-কাশ্মীৰ।

পুনৰ কাশ্মীৰি পণ্ডিতৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ।

এইবাৰ দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ আছান অঞ্চলত সংঘটিত হ’ল আক্ৰমণৰ ঘটনা।

দেওবাৰে এগৰাকী স্থানীয় হিন্দু নাগৰিকক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ।

পুৱা বজাৰলৈ যোৱাৰ পথতে সন্ত্ৰাসবাদীয়ে হত্যা কৰে স্থানীয় নিৱাসীজনক।

নিহত লোকজনৰ নাম সঞ্জয় শৰ্মা বুলি জানিব পৰা গৈছে।

আছান জিলাৰ নিৱাসী সঞ্জয় শৰ্মা পেছাত এগৰাকী চিকিউৰিটি গাৰ্ড আছিল।

ইফালে এই হত্যাকাণ্ডৰ পিছতে সমগ্ৰ অঞ্চলটোত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে আক্ৰমণকাৰী সন্ত্ৰাসবাদীৰ সন্ধান বিচাৰি অভিযান অব্যাহত ৰাখিছে।

Related Articles

Back to top button