fbpx
অসমীয়াৰাষ্ট্ৰীয়

পুনৰ কাশ্মীৰি পণ্ডিতৰ ওপৰত আক্ৰমণ! চৰকাৰী কাৰ্যালয়ৰ ভিতৰতে গুলীয়াই হত্যা এগৰাকী পণ্ডিতক

নিউজ ডেস্কঃ কাশ্মীৰি পণ্ডিতৰ পুনৰ্বাস, সুৰক্ষাক লৈ ৰাজনীতি চলি আহিছে। কাশ্মীৰি পণ্ডিতক লৈ নিৰ্মাণ কৰা হৈছে চিনেমাও। কিন্তু বাস্তৱত জম্মু-কাশ্মীৰত আজিও বাস কৰি থকা হিন্দু পণ্ডিত সকলৰ সুৰক্ষাক লৈ কোনো চৰকাৰ বা ৰাজনৈতিক দলেই ‘ৰাজনীতি’ কৰাৰ বাহিৰে আন একো কৰা নাই।

শেহতীয়াকৈ জম্মু-কাশ্মীৰত পুনৰ হত্যাৰ বলি হ’বলগীয়া হ’ল আন এগৰাকী কাশ্মীৰি পণ্ডিত। চৰকাৰী কাৰ্যালয়ৰ ভিতৰতে এগৰাকী পণ্ডিতক গুলীয়াই হত্যা কৰিলে সন্ত্ৰাবাদীয়ে। বৃহস্পতিবাৰে সংঘটিত এই ঘটনাই এতিয়া সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

photo1652420626

জানিব পৰা মতে, ৰাহুল ভাট নামৰ কাশ্মীৰি পণ্ডিতজনক কাশ্মীৰ উপত্যকাৰ বাদগামৰ চাদুৰা গাঁৱৰ তহচিলদাৰৰ কাৰ্যালয়তে সন্ত্ৰাসবাদীয়ে অতর্কিতে আক্রমণ কৰে। শূণ্য দূৰত্বৰ পৰা কাশ্মীৰি পণ্ডিতজনক গুলীয়াই সেই স্থানৰ পৰা নিৰ্বিঘ্নে আঁতৰি যায় সন্ত্ৰাসবাদী।

photo1652420640

ইফালে সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৰাহুল ভাটক সংকটজনক অৱস্থাত শ্ৰীনগৰ চৰকাৰী হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত।

photo1652420687

আনহাতে এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত নিৰাপত্তাবেষ্টনী কটকটীয়া কৰি তোলা হৈছে। উল্লেখ্য যে, বিগত এপষেকত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ আক্ৰমণত কেইবাজনো কাশ্মিৰী পণ্ডিত আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। যোৱা মহতে সন্ত্ৰাসবাদীৰ আক্ৰমণত বিহাৰৰ ৩ জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছিল।

Related Articles

Leave a Reply

Back to top button