পুনৰ ক’ভিডত আক্ৰান্ত GMCHৰ অধীক্ষক ডাঃ অভিজিত শৰ্মা…

এটি দীঘলীয়া বিৰতিৰ পিছত ৰাজ্যত ক্ৰমাত উৰ্দ্ধগামী হ’বলৈ ধৰিছে কৰ’ণাৰ সংক্ৰমণ।

মঙলবাৰে ৰাজ্যথনত নতুনকৈ কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই মাৰিলে ডাবল চেঞ্চুৰী।

দিনটোত অসমত ক’ভিডত সংক্ৰমিত হৈছে ২১০গৰাকী লোক।

ইয়াৰ মাজতে পুনৰ ক’ভিডত আক্ৰান্ত হৈছে GMCHৰ অধীক্ষক ডাঃ অভিজিত শৰ্মা।

মঙলবাৰে ক’ভিডৰ উপস্থিতি ধৰা পৰে অভিজিত শৰ্মাৰ দেহত।

এগৰাকী পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ আহিছিল ডাঃ শৰ্মা।

এইবাৰকে ধৰি তৃতীয়বাৰলৈ ক’ভিডত আক্ৰান্ত হৈছে GMCHৰ অধীক্ষকগৰাকী।

বৰ্তমান অধীক্ষক ডাঃ শৰ্মা হোম আইছ’লেশ্যনত আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, উল্লেখ্য যে কামৰূপ মহানগৰ জিলাত মঙলবাৰে সৰ্বাধিক ৯৮ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে।