অসম

পুনৰ এনকাউণ্টাৰ! কোকৰাঝাৰত গুলিবিদ্ধ গাঞ্জা সৰবৰাহকাৰী, দুস্কৃতিকাৰীয়ে জ্বলাই দিলে জব্দকৃত ট্ৰাক…

ৰাজ্যত পুনৰ এনকাউণ্টাৰ! এইবাৰ কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত গাঞ্জা সৰবৰাহকাৰী।

জানিব পৰা মতে, বুধবাৰে নিশা প্ৰায় ৮ বজাত কোকৰাঝাৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত জিলাখনৰ ভাওৰাগুৰীত অভিযান চলাই ত্ৰিপুৰাৰ পৰা বিহাৰ অভিমুখে যোৱা এখন ট্ৰাক জব্দ কৰে।

আৰক্ষীয়ে ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা ৩৫০ কেজি ওজনৰ মুঠ ৫৫ পেকেট গাঞ্জা উদ্ধাৰ কৰাৰ লগতে ত্ৰিপুৰাৰ সুন্দৰটিলাৰ সুমন নমো আৰু ৰাহুল সৰকাৰ নামৰ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ধৃত সুমন নমোক চলোৱা জেৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভাওৰাগুৰীলৈ যোৱা পথৰ কাষত দুটা গাঞ্জাৰ পেকেট লুকুৱাই থোৱা বুলি সদৰি কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে নিশাই সুমন নমোক লৈ গাঞ্জাৰ পেকেট দুটা উদ্ধাৰ কৰিবলৈ ঘটনাস্থললৈ যায় আৰু শেষ নিশা আৰক্ষীয়ে গাঞ্জাৰ পেকেট দুটা জব্দ কৰে।

সেই সময়তে অভিযুক্তজনে আৰক্ষীৰ পৰা পিষ্টল কাঢ়ি গুলীয়াবলৈ উদ্যত হোৱাত আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰে আৰু অভিযুক্ত সুমন নমোৰ সোঁভৰিৰ আঠুৰ তলত গুলী লাগে।

ইফালে আৰক্ষীৰ গুলীত আহত গাঞ্জা সৰবৰাহকাৰী জনক প্ৰথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

ইপিনে গাঞ্জা কঢ়িওৱা ট্ৰাকখন কোনো অচিনাক্ত দুস্কৃতিকাৰীয়ে জ্বলাই দিয়া বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সন্দেহ কৰা মতে প্ৰমান বিনষ্ট কৰাৰ বাবেই হয়তো অচিনাক্ত দুস্কৃতিকাৰীয়ে গাঞ্জা কঢ়িওৱা ট্ৰাকখন জ্বলাই দিয়ে। সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Related Articles

Leave a Reply

Back to top button