পুনৰ আলফা স্বাধীনত যোগদানৰ সন্দেহ এগৰাকী যুৱকৰ।
আলফা স্বাধীনত যোগদানৰ সন্দেহ কৰা হৈছে জাগুনৰ এগৰাকী যুৱকৰ।
তিনিচুকীয়া জিলাৰ জাগুনৰ ৩ নং ৰামপুৰ গাঁৱৰ নিবাসী স্বৰ্গীয় ৰুছন্ন চেতিয়া পুত্ৰ সমীৰণ চেতিয়াই(২০) আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ।

যোৱা ১৪ মাৰ্চ তাৰিখৰ পৰা নিজ গৃহৰ পৰা সন্ধানহীন হৈ আছে যুৱকজন।
শেহতীয়াকৈ সেনা-আৰক্ষীৰ অনুসন্ধানত যুৱকজন আলফা স্বাধীনত যোগদান কৰা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্ৱতেও ২০২০ চনত সমীৰণে বিদ্ৰোহী সংগঠন NSCN(IM) ত যোগদান কৰি আত্মসমৰ্পণ কৰিছিল।
সমীৰণৰ জ্যেষ্ঠ ভাতৃয়ে তেওঁক নিজ গৃহলৈ উভতি আহিবলৈ আহ্বান জনাইছে।