পুনৰ অসম আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত!

নিউজ ডেস্ক। ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষীৰ গুলীচালনা।

বিলাসীপাৰাত এটা ডকাইতৰ প্ৰতি লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।

এখন মটৰচাইকেল লৈ আহিছল ডকাইতটো।

আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি ডকাইতটোৱে পলাবলৈ চেষ্টা কৰিছিল আৰু তেনে সময়তে আৰক্ষীয়ে ডকাইতটোলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয়।

গুলীবিদ্ধ ডকাইতটো ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

photo-2021-09-12-16-55-44

ইতিমধ্যে গুলীবিদ্ধ ডকাইতটো চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে যোৱা নিশা বঙাইগাঁৰ পৰা ছয় জনীয়া ডকাইতৰ দল এটিয়ে বিলাসীপাৰা অভিমুখে আহি থকাৰ পূৰ্বে আৰক্ষীৰ দলে গোপন তথ্যৰ ভিত্তিত খবৰ লাভ কৰিছিল আৰু খবৰৰ ভিত্তিত বিলাসীপাৰা অঞ্চলটোত চেগ বুজি আহিছিল যদিও আৰক্ষীৰ দলটোৱে প্ৰত্যক্ষ কৰা ডকাইতটোৰ দলটো বিলাসীপাৰাৰ এক ভিতৰুৱা অঞ্চলেৰে পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে ডকাইতৰ দলটোলৈ বুলি গুলী নিক্ষেপ কৰে।

আৰক্ষীয়ে নিক্ষেপ গুলীত এজন ডকাইত গুৰুতৰভাৱে আহত হৈ বাকী পাঁচজন ডকাইত পলাই যাবলৈ সক্ষম হয়।

ইতিমধ্যে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ডকাইতজনক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।

মৃত ডকাইতটো ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত চাপৰ ৰৌমাৰি অঞ্চলৰ বাসিন্দা সাইদাৰ আলী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে যদিও উক্ত ঘটনা সম্পৰ্কে কোনো ধৰণৰ মন্তব্যৰ পৰা বিৰত থাকে আৰক্ষী।

Leave a Comment