অসম

পাৰিবাৰিক কন্দলঃ কোলাত কেচুৱা লৈ শৰাইঘাটত আত্মহত্যাৰ চেষ্টা এগৰাকী মহিলাৰ…

কোলাত কেচুৱা লৈ শৰাইঘাট দলঙৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা এগৰাকী মহিলাৰ।

পাৰিবাৰিক কন্দলৰ বাবেই এই চৰম সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে মহিলাগৰাকীয়ে।

স্বামীসহ পৰিয়ালৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি সন্তানসহ আত্মহত্যা কৰাৰ সিদ্ধান্ত লৈছিল মহিলাগৰাকীয়ে।

আত্মহত্যা কৰিব বিচৰাতেই আমিনগাঁও আৰক্ষীয়ে তৎপৰতাৰে উদ্ধাৰ কৰে মহিলাগৰাকীক।

আত্মহত্যা কৰিব বিচৰা মহিলাগৰাকীৰ ঘৰ আমিনগাঁও পানীপাৰাত বুলি জানিব পৰা গৈছে।

ইতিমধ্যে পত্নীৰ অভিযোগৰ ভিত্তিত স্বামী চনু ৰায়ক সোধপোচৰ বাবে আটক কৰিছে আমিনগাঁও আৰক্ষীয়ে।

স্বামী, শহুৰ-শাহুৱেক সকলোৱে মিলি শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ মহিলাগৰাকীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *