পাঁচ জুনত মদিনালৈ যাব ৰাজ্যৰ প্ৰথমটো হজযাত্ৰীৰ দল…

ক’ভিডসৃষ্ট ভয়াৱহ পৰিবেশৰ ফলত দুবছৰে স্তব্ধ হৈ থকাৰ অন্তত পুনৰ আৰম্ভ হৈছে পবিত্ৰ হজযাত্ৰাৰ প্ৰক্ৰিয়া।

অহা ৫ জুনত দিনৰ ১.৩০ বজাত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ১৫০ জন যাত্রী লৈ এখন বিমান মদিনা অভিমুখে ৰাওনা হ’ব।

এই সন্দৰ্ভত এক সংবাদমেলযোগে বিস্তৃতভাৱে সদৰী কৰে উত্তৰ-পূব হজযাত্রী অভ্যর্থনা সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে।

গুৱাহাটীৰ হাজী মুছাফিখানাত আয়োজিত সংবাদমেল সম্বোধন কৰি অধ্যক্ষ জামানে কয় যে এইবেলি হাজী মুছাফিখানা অস্থায়ী শিবিৰৰ পৰা মুঠ ৩,৪৫১ গৰাকী হজযাত্রী মক্কা/মদিনা অভিমুখে ৰাওনা হ’ব। এইসকল মুঠ হাজযাত্ৰীৰ ভিতৰত ২,৩৬৬ গৰাকী পুৰুষ, ১,০৮৩ গৰাকী মহিলাৰ লগতে আছে দুটি শিশু।

ইতিমধ্যে হজযাত্ৰাৰ সকলো প্ৰক্ৰিয়া সম্পন্ন হৈ উঠাৰ কথা সদৰী কৰি অধ্যক্ষ জামানে কয় যে, বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ৫ জুনত যাত্ৰা কৰিবলগীয়া প্ৰথমখন বিমানৰ ফ্লেগ অফ কৰিব অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাৰ লগতে আন কেইবাজনো বিধায়ক উপস্থিত থাকিব।

অধ্যক্ষ জামানে পুনৰ কয় যে, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৬ জুনৰ পৰা ১৭ জুনলৈ প্ৰতিদিনে হজযাত্ৰীসকললৈ দুখনকৈ বিমান মদিনা অভিমুখে ৰাওনা হ’ব।

ইপিনে, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ হজযাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ৬ জুনৰ সন্ধিয়া ৬.৩০ বজাত হাজী মুছাফিখানাত এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰাৰ কথা ব্যক্ত কৰে অধ্যক্ষ নেকিবুৰ জামানে।

তেওঁ কয় যে এই সম্বর্ধনা সভাত সন্মানীয় অতিথি হিচাপে মন্ত্রী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, অশোক সিংহল, উৰ্খাও গৌৰা ব্ৰহ্ম, বি টি চিপ্রধান প্রমোদ বড়োৰ লগতে সমাজৰ গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকিব।

সম্বৰ্ধনা সভাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৰণিকা ‘লাব্বাইকা’ উন্মোচন কৰিব এন ডি-২৪ৰ সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই। সম্বৰ্ধনা অনুষ্ঠানৰ শেষত সমগ্ৰ বিশ্বৰ শান্তিৰ বাবে বকোৰ ডেকাচাঙৰ দ্বাৰুল উলুম ফাৰুকীয়া মাদ্ৰাছাৰ মৌলানা মুফটি আলহাজ আবুল বাছেৰে সমূহীয়া দোৱা আগবঢ়াব।

ইপিনে, হজযাত্রীসকলক অসম চৰকাৰৰ ফালৰ পৰা একোখনকৈ গামোচা উপহাৰ দিয়াৰ ব্যৱস্থা কৰাৰ কথা সদৰী কৰি জামানে কয়- ‘অসমীয়া জাতিৰ স্বাভিমান হৈছে গামোচা। এই গামোচাখন বিশ্বৰ বুকুত জিলিকাই তোলাৰ বাবে আৰু হজযাত্ৰাৰ সময়ত মক্কা/মদিনাত যাতে ইজনে সিজনক যাতে গামোচাখনৰ পৰাই চিনি পাব বাৰে তাৰ বাবে সকলোকে একোখনকৈ গামোচা উপহাৰ হিচাপে দিয়া হ’ব।

তদুপৰি মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈ উদ্যোগ লৈ সকলো হজযাত্ৰীক পাৱাৰ বেংক দিয়াৰ ব্যৱস্থা কৰিছে।’

সংবাদমেলত অধ্যক্ষ জামানে কয় যে সমগ্র হজযাত্রা প্রক্রিয়া সফলভাৱে পৰিচালনা কৰাৰ বাবে ৰাজ্য প্রশাসন, জিলা প্রশাসন, আৰক্ষী, স্বাস্থ্য বিভাগ, পৰিবহণ নিগম, পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ, বিদ্যুৎ বিভাগ আদিকে ধৰি বহু বিভাগে সহযোগিতা আগবঢ়াই আছে।

আনহাতে, হজযাত্রীসকলৰ সুবিধার্থে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা ২৩ গৰাকী কৰ্মচাৰীক সম্পূৰ্ণ চৰকাৰী খৰচত মক্কা/মদিনালৈ প্ৰেৰণ কৰাৰ কথাও ব্যক্ত কৰে নেকিবুৰ জামানে।

প্ৰসংগক্ৰমে এইবাৰ হজযাত্ৰীসকলৰ একোজনে ৪.৩৯ লাখ টকাকৈ জমা দিব লগা হোৱা বুলি সদৰী কৰি জামানে কয়- ‘হজযাত্ৰাৰ বাবে ৰাজসাহায্য ইতিমধ্যে প্রতাহাৰ কৰা হৈছে। তদুপৰি ছৌডি আৰবে হজযাত্ৰাৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিয়ম বান্ধি দিছে।’

Leave a Comment