পত্নীক হত্যাৰ বাবে ব্যৱহাৰ ফেঁটী সাপ! যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত স্বামী

নিউজ ডেস্ক। এক হৃদয় বিদাৰক ঘটনা। নিজ পত্নীক ফেঁটী সাপৰ দংশনেৰে হত্যা কৰালে স্বামীয়ে।

যৌতুক দাবীৰে পত্নীক অমানৱীয় ভাৱে হত্যা কৰিলে স্বামীয়ে।

ইয়াৰ পিছতেই পত্নীৰ আত্মীয়ই অভিযোগ উত্থাপন কৰিলে স্বামীৰ বিৰুদ্ধে। আৰু অৱশেষত সেই অভিযোগ সত্য প্ৰমাণিত হল আদালতত। যাৰ ফলত আদালতে স্বামীক এতিয়া দোষী সাব্যস্ত কৰে।

main-uthra-snakebite-crime

এই ঘটনা কেৰেলাৰ কোল্লামৰ।

আদালতে এই গোচৰটোৰ শাস্তি ১৩ অক্টোবৰত ঘোষণা কৰে।

আদালতৰ শুনানিৰ সময়ত জানিব পৰা যায় যে স্বামীয়ে তেওঁৰ দিব্যাংগ পত্নীক এটা সাপেৰে খুটিবলৈ ফেঁটী সাপ ক্ৰয় কৰিছিল।

জানিব পৰা মতে, যোৱা বৰ্ষ অৰ্থাৎ ২০২০ চনৰ ৭ মে’ তাৰিখে উথৰা নামৰ এগৰাকী মহিলাক শুই থকা অৱস্থাত সাপে কামুৰিছিল। যাৰ ফলত তেওঁ নিহত হৈছিল। এই ক্ষেত্ৰত মহিলা গৰাকীৰ আত্মীয়ই তেওঁৰ স্বামী সূৰজৰ দ্বাৰা উথৰাৰ মৃত্যু হোৱা বুলি অভিযোগ আৰোপ কৰিছিল।

অভিযোগ অনুসৰি, সুৰজে ইচ্ছাকৃতভাৱে তেওঁৰ পত্নী উথৰাৰ সৈতে বহি কোঠাটোত বিষাক্ত ফেঁটী সাপ এৰি দিছিল। যাতে পত্নী সৰ্পদংশনত মৃত্যুবৰণ কৰে।

photo-505082

তাৰ পূৰ্বে তেওঁ পত্নীক টোপনিৰ বড়ি খাবলৈ দিছিল। এই অভিযোগৰ পিছতেই সূৰজক ২৪ মে’ত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বিষয়টো তেতিয়াই আদালতত উত্থাপন হৈছিল।

পৰৱৰ্তী সময়ত অনুসন্ধানত প্ৰকাশ পায় যে, সুৰজে এজন সাপ ধৰা ব্যক্তিৰ পৰা দুবাৰ ধন পৰিশোধ কৰি এডাল সাপ কিনিছিল।

তেওঁ পূৰ্বতে এবাৰ পত্নীক সাপেৰে দংশন কৰাই হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। কিন্তু তেতিয়া তেওঁ সফল হোৱা নাছিল। কিন্তু পিছৰবাৰ তেওঁ পৰিকল্পনা অনুসৰি পত্নীক হত্যা কৰিবলৈ সক্ষম হয়। এই কথা তেওঁ স্বীকাৰ কৰে আদালতত।

hlf-sixteen-nine

শুনানিৰ সময়ত, সাপ বিক্ৰী কৰা লোকজনে সূৰজক এটা সাপ দিয়াৰ কথা স্বীকাৰ কৰে।

সূৰজে তেওঁৰ পত্নী উথৰাক ঘৰুৱা হিংসাত হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে।

সোমবাৰে (১১ অক্টোবৰ) আদালতে ৰায় দিয়ে যে সূৰজক ৩০২, ৩০৭, ৩২৮ আৰু ২০১ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হয়। আদালতে ১৩ অক্টােবৰত শাস্তি ঘােষণা কৰি সূৰজক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, অপৰাধটোৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য আছিল ধন। অৱশ্যে সূৰজে যৌতুকৰ ৰূপত বৃহৎ পৰিমাণৰ ধন আৰু সোণ পাইছিল। কিন্তু তেওঁ সেই সমূহত সন্তুষ্ট নাছিল। তেওঁ আৰু অধিক টকা ল’ব বিচাৰিছিল।

Leave a Comment