fbpx
অসমঅসমীয়া

পঞ্চতীৰ্থ হাজােৰ হনুমান মন্দিৰত দুৰ্বৃত্তৰ তাণ্ডৱ, এজাহাৰ দাখিল

নিউজ ডেস্ক। কামৰূপ জিলাৰ হাজোত হনুমান মন্দিৰত দুৰ্বৃত্তৰ তাণ্ডৱ।

হাজোৰ পতনিত শুক্ৰবাৰে এক চাঞ্চল‍্যকৰ ঘটনা সংঘটিত হৈছে।

এই স্থানত থকা এটা হনুমান মন্দিৰত দুৰ্বৃত্তই নিশাৰ ভাগত অগ্নিসংযোগ কৰাৰ লগতে ধৰ্মীয় পুথি জ্বলাই দিয়ে।

পতনিত সংঘটিত ১২ বছৰীয়া এই হনুমান মন্দিৰত আক্ৰমণৰ ঘটনাৰ পিছতে অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

দুৰ্বৃত্তৰ এই আক্ৰমণৰ সন্দৰ্ভত বিশ্ব হিন্দু পৰিষদৰ লগতে বজৰং দলৰ হাজো শাখাৰ সদস্য সকলে হাজো আৰক্ষী থানাত অভিযোগ উত্থাপন কৰি এখন এজাহাৰ দাখিল কৰিছে।

এই এজাহাৰৰ ভিত্তিত হাজো আৰক্ষী থানাই এই ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ।

স্থানীয় ৰাইজে জনোৱা মতে এগৰাকী মহিলাই সদায় জ্বলাই থকাৰ দৰে শনিবাৰে ৰাতিপুৱা চাকি জ্বলাবলৈ আহি এই ঘটনা সম্পৰ্কে জানিব পাৰি কিংকৰ্ত্তব্যবিমূঢ় হৈ পৰে আৰু মন্দিৰৰ পূজাৰী গৰাকীক অৱগত কৰে।

ইয়াৰ পিছতে অঞ্চলজুৰি এই খবৰ বিয়পি পৰাত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি হয়।

স্থানীয় ৰাইজে এই ঘটনাৰ এটা উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষী প্ৰশাসনক অনুৰোধ কৰিছে ।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!