অসম

নৱনিৰ্মিত দিছপুৰৰ ফ্লাই অভাৰৰ ওপৰত জন্মদিন উদযাপন! কি ক’ব আপুনি?

কৈ থাকিলেও শেষ নহয় নৱনিৰ্মিত দিছপুৰ ফ্লাই অভাৰৰ কথা।

দৈনিক এটাৰ পিছত আন এটা কাহিনী সংঘটিত হৈ আহিছে নৱ নিৰ্মিত ফ্লাই অভাৰ খনৰ ওপৰত।

ধুনীয়াকৈ সজাই তোলা ফ্লাই অভাৰখনত কোনোৱাই যদি পিকাইছে কোনোবাই আকৌ চেলফী উঠি সৃষ্টি কৰিছে যানযটৰ।

এইবাৰ ফ্লাই অভাৰখনৰ এটা কাষ আৱদ্ধ কৰি উদযাপন কৰিলে জন্মদিন।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দৃশ্য।

Flyover

একাংশ লোকৰো এনে কাৰু-কাৰ্যই হতচকিত কৰি তুলিছে সচেতন জনতাক।

শীঘ্ৰেই প্ৰশাসনে এই বিষয়ত গুৰুত্ব প্ৰদান নকৰিলে দুৰ্ঘটনা যে সংঘটিত নহ’ব তাৰ কোনো নিশ্চয়তা নাই।

ইপিনে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই।

তেওঁ কয়- উৰণীয়া সেতুৰ ওপৰত জন্মদিনৰ পাৰ্টি কৰি বেলেগকো কৰিবলৈ আহ্বান কৰা কথা নিন্দনীয়। কোনোবাই তেওঁৰ ওপৰত এজাহাৰ বা গোচৰ দিলে লোৱা হব ব্যৱস্থা

পৌৰ নিগমৰ অনুমতি নললে কোনো ব্যক্তিয়ে পোষ্টাৰ, বেনাৰ লগালে আইন মতে ব্যৱস্থা লোৱা হব বুলিও সদৰি কৰে তেওঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *