fbpx
ৰাষ্ট্ৰীয়অসমঅসমীয়া

নেপাল সীমান্তত গ্ৰেপ্তাৰ ২ চীনা নাগৰিকৰে কি সম্পৰ্ক অসম-মণিপুৰৰ?

নিউজ ডেস্ক। ভাৰত-নেপাল সীমান্তত ৩ দিন পূৰ্বে সশস্ত্র সীমা বল (এছ এছ বি)-এ গ্ৰেপ্তাৰ কৰা দুই চীনা নাগৰিকৰ সৈতে অসম, মণিপুৰৰ উপৰি মহাৰাষ্ট্ৰৰ ‘লিংক’ৰ তথ্য লাভ কৰিছে বিহাৰ আৰক্ষীয়ে।

উল্লেখ্য যে চীনা নাগৰিক দুজনৰপৰা আৰক্ষীয়ে জব্দ কৰা ছখন ছিম কার্ডৰ ভিতৰত এখন অসমৰ, দুখন মহাৰাষ্ট্ৰৰ আৰু তিনিখন নগালেণ্ডৰ।

উল্লেখ্য যে ভিছা অবিহনেই চীনৰপৰা থাইলেণ্ড হৈ কাঠমাণ্ডুলৈ আহিছিল তেওঁলোক। কাঠমাণ্ডুৰপৰা ভিট্টামোৰ সীমান্তলৈকে তেওঁলোকে চাইকেলেৰে যাত্ৰা কৰিছিল।

ইয়াৰ পিছতে পদব্ৰজে দুয়ােজনে ভাৰত-নেপাল সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল।

FVGpTaKaQAA9ZE7

উল্লেখ্য যে ছিম কাৰ্ডৰ উপৰি চীনা নাগৰিক দুজনৰপৰা বিহাৰ আৰক্ষীয়ে দুখন এ টি এম কার্ডো জব্দ কৰে।

এই এ টি এম কার্ড দুখনত অসমৰ দুজন যুৱকৰ নাম আছে। এ টি এম দুখন সীমান্ত ৰাভা আৰু অৰ্চন বসুমতাৰীৰ নামত জাৰি কৰা হৈছিল।

G7 4

এ টি এম দুখন আই চি আই চি আই বেংকৰ ।

চীনা নাগৰিক দুজনে ১৫ দিন ধৰি ভাৰতৰ বিভিন্ন স্থানত ঘূৰি ফুৰিছিল।

গ্ৰেটাৰ নয়ডাত থকা জি পি গ্রীন ছ’চাইটীত আছিল তেওঁলোক। ভাৰতত তেওঁলোকক থকাৰ ব্যৱস্থা কৰিছিল কৈৰী নামৰ এজন যুৱকে।

চীনা নাগৰিক দুজনৰ বন্ধু কৈৰী নামৰ যুৱকজনক তেওঁৰ প্ৰেমিকাৰ সৈতে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

p1 2

উল্লেখযোগ্য যে ভাৰতৰপৰা পুনৰ চীনলৈ উভতি যোৱাৰ সময়ত ভাৰত-নেপাল সীমান্তত ‘চীনা নাগৰিক দুজনক এছ এছ বিয়ে গ্ৰেপ্তাৰ কৰে।

ইপিনে, এই চীনা নাগৰিক দুজন চােৰাংচােৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে, আৰক্ষীয়ে গ্ৰেটাৰ নয়ডাৰ এখন পাবত অভিযান চলাই এই সংক্ৰান্তত বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!