
নিউজ ডেস্কঃ মাতৃ্ক নৃশংসভাৱে হত্যা কৰি মৃতদেহৰ সৈতেই দুমাহ ধৰি বাস কৰি থাকিল এগৰাকী পাষাণ কন্যা।
এই লোমহৰ্ষক হত্যাকাণ্ড পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী ২৪ বৰ্ষীয় যুৱতীগৰাকীক।
এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে মুম্বাইৰ লালবাউগত।
হত্যাকাণ্ডৰ বলি হোৱা মহিলাগৰাকীক বীনা প্ৰকাশ জৈন (৫৫) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।
ইফালে এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰা বীনা প্ৰকাশ জৈনৰ কন্যা ৰিম্পল জৈন (২৪)ক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
জানিব পৰা মতে, বিনা প্ৰকাশ জৈন পূৰ্বে স্বামী আৰু কন্যা ৰিম্পলৰ সৈতে ভিৰাৰাত বাস কৰিছিল।
কিন্তু ১৬ বছৰ পূৰ্বে স্বামীৰ মৃত্যুৰ পিছত কন্যাসহ তেওঁ লালবাউগৰ ইব্ৰাহিম কাছাৰ চাউলত থাকিবলৈ লয়।
বীনা প্ৰকাশ জৈনৰ ৫ গৰাকী ভাতৃয়ে তেওঁক মাহেকীয়া খৰছ যোগান ধৰি আহিছিল।
ইফালে মঙলবাৰে সন্ধিয়া মহিলাগৰাকীৰ এগৰাকী ভতিজীয়ে মাহেকীয়া খৰছ দিবলৈ আহি দুৱাৰত টুকুৰিয়াই যদিও কোনেও দুৱাৰ খুলি নিদিয়াত ওচৰ চুবুৰীয়াৰ সৈতে কথা পাতি জানিব পাৰে যে দুমাহ ধৰি কোনেও বীনা প্ৰকাশক দেখা নাই।
ইয়াৰ পিছতে ভতিজীগৰাকীয়ে পৰিয়াল আৰু আৰক্ষীক খবৰ দিয়াত বীনাৰ ঘৰত কেইবাজনো আত্মীয় উপস্থিত হয়।
বহু সময় পিছত ৰিম্পল জৈনে দুৱাৰ খুলি দি কয় যে তেওঁৰ মাতৃ কানপুৰত আছে।
কিন্তু ৰিম্পলৰ এই উত্তৰত সন্তুষ্ট নহৈ আত্মীয় তথা আৰক্ষী ঘৰৰ ভিতৰত প্ৰৱেশ কৰাত ঘৰৰ ভিতৰত পৰা বীনা জৈনৰ মৃতদেহৰ অংগ উদ্ধাৰ কৰে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰিম্পল জৈনে প্ৰায় দুমাহ পূৰ্বেই মাতৃক হত্যা কৰি মৃতদেহটো টুকুৰা টুকুৰকৈ কাটি আধা পানীৰ টেংকিত পেলাই থৈছিল।
আনহাতে মাতৃৰ শৰীৰ আৰু ডিঙিটো প্লাষ্টিকৰ পলিথিনত বান্ধি আলমাৰীৰ ভিতৰত ভৰাই ৰাখিছিল কন্যা ৰিম্পলে।
আৰক্ষীয়ে মৃতদেহটোৰ টুকুৰাসমূহ উদ্ধাৰ কৰাৰ পিছতে হত্যাকাৰী ৰিম্পল জৈনক গ্ৰেপ্তাৰ কৰিছে।