fbpx
অসমীয়াৰাষ্ট্ৰীয়

নাৰী নহয় কোনো গুণে কম! এমবিএ-বিটেক চাইৱালাৰ পিছত এইবাৰ ৰাজপথত বুলেট লৈ ফুচকা বিক্ৰী বি.টেক পানী পুৰীৱালীৰ, ভাইৰেল ভিডিঅ’ই লগাইছে খলকনি…

নিউজ ডেস্কঃ দেশৰ ভয়াবহ নিবনুৱা সমস্যাৰ মাজত চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি শেহতীয়াকৈ কেইবাগৰাকীও যুৱক-যুৱতীয়ে নিজৰ উদ্যমেৰে জড়িত হৈ পৰিছে ব্যৱসায়ৰ সৈতে। বহু সংখ্যক সফলো হৈছে।

শেহতীয়াকৈ এমবিএ চাইৱালা, বিটেক চাইৱালাৰ দৰে স্নাতক চাহ বিক্ৰেতাৰ উদ্যোগে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছিল।

image 6

এইবাৰ তেনেদৰেই বজাৰত ভুমুকি মাৰিছে আন এগৰাকী স্নাতক ছাত্ৰীয়ে।

ৰয়েল এনফিল্ড বুলেটত দিল্লীৰ ৰাজপথত ফুচকা বিক্ৰী কৰা বি.টেক পানী পুৰীৱালীৰ ভিডিঅ’ই এতিয়া চৰ্চা লাভ কৰিছে নেট ব্যৱহাৰকাৰীৰ মাজত।

ৰাজপথত পানীপুৰিৰ ষ্টল লগাই সংস্থাপনৰ বাট মুকলি কৰি লোৱা ২১ বৰ্ষীয় এইগৰাকী যুৱতীৰ নাম হৈছে তাপসী উপাধ্যায়।

image 7

বিটেক ইঞ্জিনিয়াৰিঙৰ স্নাতক তাপসীয়ে চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি নিজেই বিচাৰি লৈছে সংস্থাপনৰ এই অভিনৱ পন্থা।

২১ বছৰীয়া যুৱতীগৰাকীয়ে পশ্চিম দিল্লীত ঘূৰি ফুৰি নিজৰ পানীপুৰী গ্ৰাহকক বিক্ৰী কৰে। বেছিভাগ সময় তেওঁ ষ্টল লগায় তিলক নগৰ মেট্ৰ’ ষ্টেচনৰ সমীপত।

অন্য পানীপুৰী বিক্ৰেতাতকৈ ব্যতিক্ৰম তাপসী।

তেওঁ দাবী কৰা মতে, তেওঁ বিক্ৰী কৰা ফুচকা অনন্য সোৱাদযুক্ত হোৱাৰ লগতে সম্পূৰ্ণ স্বাস্থ্যসন্মত।

তেওঁৰ মতে, স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ফুচকাসমূহ তেলত ভজাৰ বিপৰীতে তেওঁ এয়াৰ ফ্ৰাইয়াৰ ব্যৱহাৰ কৰি ৰোষ্ট কৰে। আনকি মৈদাবিহীন পুৰীও তেওঁ বিক্ৰী কৰে।

নাৰী হৈও পুৰুষৰ সমানেই স্বাভিমানী তাপসী উপাধ্যায়ে কয়, ‘মই বি.টেক স্নাতক হোৱা বাবে আৰু মহিলা হোৱা বাবে পথত পানীপুৰী বিক্ৰী কৰাৰ ক্ষেত্ৰত বহুতেই আপত্তি দৰ্শাই আহিছে। কিন্তু কাৰো কথাত গুৰুত্ব নিদিয়াকৈ মই মোৰ লক্ষ্যৰ ফালে আগবাঢ়িব খোজো।’

Related Articles

Back to top button