নিউজ ডেস্কঃ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱাৰ পিছত অনেকেই কিকবক্সিং এৰিবলৈ পৰামৰ্শ দিছিল ডিংকলক!
ভৰিতি গুৰুতৰভাৱে আঘাত লাভ কৰা ডিংকলক কিকবক্সিং নকৰিবলৈ আনকি পৰামৰ্শ দিছিল চিকিৎসকেও।
কিন্তু তৎসত্বেও জীৱন যুদ্ধত পৰাজয় বৰণ নকৰি অদম্য ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমেৰে অৱশেষত গুজৰাট কিকবক্সিং চেম্পিয়নশ্বিপত বিজয়ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হ’ল ১৭ বৰ্ষীয় ডিংকল গোৰ্খাই।

উল্লেখ্য যে, ২০০৯ চনত মাতৃৰ সৈতে বজাৰলৈ ওলাই অহাৰ সময়তে এক বাছ দুৰ্ঘটনাত পতিত হৈছিল গুজৰাটৰ বদোদোৰাৰ নিৱাসী ডিংকল গোৰ্খা।
সেই ভয়ংকৰ দুৰ্ঘটনাত ডিংকলৰ মাতৃ শোভাই দুয়োখন ভৰি হেৰুৱাই পেলোৱাৰ লগতে ভৰিত গুৰুতৰভাৱে আঘাত পাইছিল ডিংকলেও।
ডিংকলৰ এই আঘাতৰ পিছতে বিভিন্নজনে কিশোৰীগৰাকীক পৰামৰ্শ দিছিল কিকবক্সিং এৰি দিয়াৰ বাবে।
কিন্তু সেই সময়ত ডিংকলৰ কিকবক্সিং আৰু পৰিয়ালৰ আৰ্থিক সহায়ৰ বাবে আগবাঢ়ি আহিছিল বাক্ষী এডুকেশ্যন ট্ৰাষ্ট নামৰ এটা সংস্থা।

এই সংস্থাটোৱে ডিংকল আৰু তেওঁৰ ভগ্নীৰ ৩ বছৰৰ শিক্ষা আৰু কিকবক্সিং প্ৰশিক্ষণৰ সমস্ত খৰছ বহনৰ দায়িত্ব লৈছিল। সমান্তৰালভাৱে চিৰদিনৰ বাবে বিকলাংগ হৈ চাকৰি হেৰুৱাবলগীয়া মাতৃকো খুলি দিছিল এখন ফুড ষ্টল।
ট্ৰাষ্টৰ এই সহায় আৰু প্ৰশিক্ষকসকলৰ উৎসাহে মনোবল বৃদ্ধি কৰিছিল ডিংকলৰ। যাৰ বাবে তেওঁ ৰাজ্যিক কিকবক্সিং চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে।
ইয়াৰ পৰিণামস্বৰূপে শেহতীয়াকৈ অনুষ্ঠিত হোৱা গুজৰাট কিকবক্সিং চেম্পিয়নশ্বিপত জয়লাভ কৰি সকলোৰে পৰা প্ৰশংসিত হৈ পৰিছে ডিংকল গোৰ্খা।