
নিউজ ডেস্কঃ বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদথলীলৈ পুনৰ উভতি আহিছে বন্য জীৱ জন্তু।
সংৰক্ষিত বনাঞ্চলৰ সুবিশাল অঞ্চল অবৈধ বেদখলকাৰীৰ পৰা মুক্ত হোৱাৰ পিছতে পুনৰ সেই স্থানত বাহৰ পাতিছে বনপ্ৰাণীয়ে।
দুখন বিশেষ ফটো শ্বেয়াৰ কৰি এই সুখবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
টুইটাৰত কেমেৰাত বন্দী হোৱা দুটা বাঘৰ দুখন ফটো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে- দ্য বিগ কেট কামছ বেক হোম…।
মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে, বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ কিছুদিন পিছতেল যোৱা ৭ আৰু ৯ মাৰ্চত কেমেৰাত বন্দী হয় বাঘ দুটা।
The Big Cat comes back home!
— Himanta Biswa Sarma (@himantabiswa) March 11, 2023
Beautiful sightings of not just one but two majestic tigers by our camera traps days after an eviction drive at Burachapori RF. ( 7th & 9th March)
We are commited to reclaiming the land which rightfully belongs to Assam’s diverse flaura & fauna. pic.twitter.com/OE1hhamjtD
উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰী মাহত বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলাইছিল অসম চৰকাৰে।
প্ৰশাসনে বনাঞ্চলখনৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমি অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰে।