
নিউজ ডেস্ক। বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত দ্য কাশ্মীৰ ফাইলছক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে।
বিশেষকৈ বিজেপি আৰু হিন্দুত্ববাদী সংগঠনৰ নেতৃবৃন্দই দলে-বলে গৈ চিনেমাগৃহত দ্য কাশ্মীৰ ফাইলছ উপভোগ কৰাৰ পিছত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবেও অসমকে ধৰি বিজেপি শাসিত কেইবাখনো ৰাজ্যই অৰ্ধছুটি ঘোষণা কৰিছে।

অসম চৰকাৰে দ্য কাশ্মীৰ ফাইলছ চাবলৈ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ অৰ্ধছুটি ঘোষণা কৰাৰ পিছতে এইবাৰ ছবিখন উপভোগ কৰিবলৈ অধ্যাপক-কৰ্মচাৰীক আধা দিনৰ ছুটি প্ৰদান কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এখন জাননী অফিচিয়েল ৱেবচাইটযোগে জাৰি কৰিছে। ১৭ মাৰ্চত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে দিয়া নিৰ্দেশনা নং GAG (B). 152/202/44ৰ ভিত্তিত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই জাননী জাৰি কৰিছে।

এই জাননী যোগে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অধ্যাপক-কৰ্মচাৰীক দ্য কাশ্মীৰ ফাইলছ চাবলৈ অৰ্ধছুটি প্ৰদান কৰিছে যদিও ইয়াৰ বাবে বান্ধি দিয়া হৈছে নীতি-নিৰ্দেশনা।
বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, ছবিখন চাবলৈ বিচৰা অধ্যাপক-কৰ্মচাৰীয়ে আগতীয়াকৈ অনুমতি ল’ব লাগিব। আনহাতে ছবিখন চোৱাৰ পিছদিনা কাৰ্যালয়ত চিনেমা হলৰ টিকট জমা দিলেহে তেওঁৰ অৰ্ধদিনৰ ছুটি গণ্য কৰা হ’ব।

আনহাতে দ্য কাশ্মীৰ ফাইলছ চাবলৈ লাভ কৰা এই অৰ্ধছুটি আন সাধাৰণ অধিকাৰপ্ৰাপ্ত ছুটিতকৈ অতিৰিক্ত হ’ব বুলিও জাননীখনত উল্লেখ কৰা হৈছে।