অসমীয়াৰাষ্ট্ৰীয়

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ মহানুভৱতা! আইনৰ শিক্ষাৰ্থীৰ বৃত্তিৰ বাবে দান কৰিলে ৰাজ্যসভাৰ সাংসদ হিচাপে লাভ কৰা দৰমহা

নিউজ ডেস্কঃ ভাৰতৰ প্ৰাক্তন মুখ্য ন‍্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সদস্য অসম সন্তান ৰঞ্জন গগৈৰ এক মহান সিদ্ধান্তই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

ৰাজ‍্যসভাৰ সাংসদ হোৱা স্বত্বেও তাৰ বাবদ কোনো দৰমহা বা ভাট্টা লোৱা নাছিল ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। এতিয়া এই সমস্ত ধনৰাশি তেওঁ আইনৰ শিক্ষাৰ্থ সকলৰ শিক্ষা গ্ৰহণত সুবিধা হোৱাকৈ বৃত্তি প্ৰদান কৰাৰ বাবে ব‍্যয় কৰিবলৈ সিদ্ধান্ত লৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ২০২০ চনৰ মাৰ্চ মাহত ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ পিছৰে পৰা প্ৰাক্তন ন্যায়াধীশ গৰাকীয়ে ৰাজ্যসভাৰ সদস্য হিচাপে উপাৰ্জন কৰা দৰমহা আৰু ভাট্টাৰ পৰা এই বৃত্তিৰ পুঁজি সৃষ্টি কৰা হৈছে।

এই বৃত্তিয়ে শিক্ষাৰ্থীসকলক আইন বিষয়ত কেৰিয়াৰ গঢ়ি তোলাত সহায় কৰিব। ইতিমধ্যে আইনৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলে বাকী থকা সময়ৰ বাবে এই বৃত্তিৰ লাভালাভ আদায় কৰিব পাৰিব।

উল্লেখ্য যে, ২০২০ চনৰ মাৰ্চ মাহত বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যসভালৈ মনোনীত কৰা ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ হৈছে উচ্চ সদনৰ একমাত্ৰ সদস্য, যিয়ে সাংসদ হিচাপে লাভ কৰা দৰমহা আৰু ভাট্টাৰ সুবিধা গ্ৰহণ কৰা নাছিল।

অৱশ্যে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হিচাপে তেওঁ লাভ কৰা সকলো লাভালাভ যথাযথভাৱে প্ৰাপ্ত কৰি আছিল।

২০২০ চনৰ মাৰ্চ মাহত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দ্বাৰা প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈক ৰাজ্যসভালৈ মনোনীত কৰা হৈছিল। তেওঁক সংবিধানৰ ৮০নং অনুচ্ছেদৰ অধীনত মনোনীত কৰা হৈছিল য’ত কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত “সাহিত্য, বিজ্ঞান, কলা আৰু সমাজ সেৱাৰ ক্ষেত্ৰত বিশেষ জ্ঞান বা ব্যৱহাৰিক অভিজ্ঞতা থকা” ১২ জন সাংসদক নিযুক্তি দিব পাৰে।

প্ৰণিধানযোগ্য যে, দেশৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০১৯ চনৰ ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল ৰঞ্জন গগৈয়ে। তেওঁৰ কাৰ্যকালতে অযোধ্যাৰ দীৰ্ঘদিনীয়া ভূমি বিবাদৰ ৰায়, কেৰালাৰ সবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ পুনৰীক্ষণ আৰু আৰটিআই আইনৰ অধীনত চিজেআইৰ কাৰ্যালয় অনাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰা হৈছিল।

Related Articles

Back to top button