‘দূৰন্ত গতিত অসমৰ বিকাশৰ যাত্ৰাৰ লক্ষ্য লৈ আমি আগুৱাই যাম’- ফলাফল ঘোষণাৰ পাছত মুখ্যমন্ত্ৰীৰ মন্তব্য…

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল উপ নিৰ্বাচনৰ ফলাফল।

আটাইকেইখন আসনতে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয় বিজেপি মিত্ৰজোঁটে।

ফলাফল ঘোষণা হোৱাৰ পিছতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি প্ৰাৰ্থীক জয়ী কৰাৰ বাবে ৰাইজক ধন্যবাদ জনায়।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয়- প্ৰতিটো নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰূপায়ন হ’ব। অভূতপূৰ্ব জনাদেশৰ বাবে ৰাইজক ধন্যবাদ।

থাওৰাত বিজয়ৰ বাবে মিচিং স্বায়ত্ত শাসিত পৰিষদ, দেউৰী স্বায়ত্ত শাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকৰ্তাসকলৰ সহায়-সহযোগিতাৰ বাবে ধন্যবাদ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী শৰ্মাই কয়-মানুহে আমাক জিৰণি ল’বলৈ ভোট দিয়া নাছিল আৰু আমিও জিৰণি ল’ব নিবিচাৰো।দূৰন্ত গতিত অসমৰ বিকাশৰ যাত্ৰাৰ লক্ষ্য লৈ আমি আগুৱাই যাম।

লগতে তেওঁ কয়- এই দল ৰাষ্ট্ৰ আৰু জনতাৰ বাবে উৎসৰ্গিত ৰাজনৈতিক আদৰ্শ।

9f8807fa 71ae 42c9 8b54 871ed3b904f2

অনাগত চাৰে চাৰিটা বছৰত অসমৰ সকলোকে বিশ্বাসত লৈ সভ্যতা আৰু বিকাশক আগত ৰাখি আমি অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৫জন ৰাজ্যৰ এখন হিচাপে গঢ়াৰ বাবে আমি কাম কৰি যাম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

অসম আন্দোলনৰ প্ৰথম স্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভৱানিপুৰ সমষ্টি AIUDFৰ হাতত থকোটো লজ্জাজনক আছিল বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

Leave a Comment