দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ ঠেলামৰা চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ…

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ ঠেলামৰা চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ।

গুৱাহাটীৰ কাহিলিপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰক।

প্ৰেছ ষ্টিকাৰ লগোৱা এখন গাড়ীৰে পলাবলৈ চেষ্টা কৰিছিল বৰঠাকুৰে।

AS 01 EE 0877 নম্বৰৰ গাড়ীৰে পলাবলৈ চেষ্টা কৰোতেই দুৰ্নীতি আৰু তদাৰক শাখাই গ্ৰেপ্তাৰ কৰে কৰিছে বৰঠাকুৰক।

উৎকোচ লৈ পূৰ্বে হাতে লোটে গ্ৰেপ্তাৰ হোৱা মণ্ডল গুলজাৰ হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় বৰঠাকুৰক।

আৰক্ষীৰ জেৰাত বৰঠাকুৰৰ বাবে ৫০ হাজাৰ টকা উৎকোচ লোৱা বুলি জনাইছিল গুলজাৰ হুছেইনে।

উল্লেখ্য যে দালালৰ চৰকাৰী তালিকাৰ পৰা নাম কৰ্তনৰ নামত ধন দাবী কৰিছিল গুলজাৰ হুছেইনে।

ACS পোৱাৰ সময়তো বিতৰ্কৰ মাজত সোমাই পৰিছিল বৰেণ্য ৰঞ্জন বৰঠাকুৰ।

বৰঠাকুৰৰ বিৰুদ্ধে ভিজিলেন্সৰ গোচৰ নং ৯/২০২১।

বৰঠাকুৰৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধী আইনৰ ৭(ক) দফাত গোচৰ ৰুজু।

Leave a Comment