দুৰ্ঘটনাগ্ৰস্ত বাহন মুকলি কিৰ দিয়াৰ নামত উৎকোচ লৈ আটক SI ছাৰ!

নিউজ ডেস্ক। পুনৰ লজ্জানত হ’ল অসম আৰক্ষী।

গােপন কেমেৰাৰ সন্মুখত উৎকােচ লৈ নিলম্বিত হােৱাই নহয়, আটক হ’ল এগৰাকী অসম আৰক্ষীৰ উপ-পৰিদৰ্শক।

এই ঘােচখােৰ বিষয়াজনৰ নাম হৈছে পাথাৰকান্দি আৰক্ষী থানাৰ উপ-পৰিদৰ্শক যতীন্দ্ৰ সিনহা ৷

জানিব পৰা মতে, কৰিমগঞ্জত দুৰ্ঘটনাত পতিত হােৱা এখন বাহন জব্দ কৰি মুকলি কৰি দিয়াৰ নামত গৰাকীৰ পৰা উৎকােচ দাবী কৰিছিল এছ আই যতীন্দ্ৰ সিনহাই।

d2

ইয়াৰ পাছতে, বিষয়াগৰাকীয়ে বাহনখনৰ গৰাকীৰ পৰা বাহনখন মুকলি কৰি দিয়াৰ নামত দাবী কৰিছিল ৫ হাজাৰ টকা।

কিন্তু বাহনৰ গৰাকীয়ে ৩ হাজাৰ টকাৰ দিয়াৰ পাছতে পুনৰ ১ হাজাৰ টকা দাবী কৰি লৈছিল সিনহাই। আনকি নিজৰ চকীখনৰ পৰা উঠি গৈ ভুক্তভােগীজনৰ পৰা অতিৰিক্ত ১ হাজাৰ টকা লৈছিল এছ আই সিনহাই।

Capturez

এই ঘটনা বন্দী হৈছিল গােপন কেমেৰাত।

ঘােচ লােৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে তৎপৰ হৈ পৰে কৰিমগঞ্জ আৰক্ষী ।

এই সংক্ৰান্ত তদন্ত কৰিবলৈ জিলাখনৰ উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ এগৰাকী বিষয়াই পাথাৰকান্দি থানাত উপস্থিত হৈ ভিডিঅ’টোৰ সত্যাসত্য নিৰূপণ কৰে।

অৱশেষত এই ঘটনা সঁচা প্ৰমাণিত হোৱাত আটক কৰে যতীন্দ্ৰ সিনহাক।

লগতে চাওকঃ

বিয়াৰ প্ৰস্তাৱ অস্বীকাৰ প্ৰেমিকৰ, প্ৰতিশােধ ল’বলৈ ভয়ংকৰ কাণ্ড কৰিলে অন্তঃসত্বা প্ৰেমিকাই

ভয়ংকৰ কাণ্ড! পিতৃ-মাতৃৰ ম’বাইল ফোন কেন্দ্ৰিক কাজিয়াত প্ৰাণ গ’ল ৩ বছৰীয়া শিশুৰ

Leave a Comment