fbpx
অসমীয়াৰাষ্ট্ৰীয়

দুৰ্গতৰ কাষত মহানায়ক! বৰফৰ মাজত আৱদ্ধ গৰ্ভৱতী মহিলাক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ গ’ল ভাৰতীয় সেনা জোৱানে…

নিউজ ডেস্কঃ কেৱল সীমান্তত শত্ৰুৰ পৰা দেশ মাতৃক সুৰক্ষা প্ৰদান কৰাই তেওঁলোকৰ দায়িত্ব নহয়, তেওঁলোক সমানেই দায়বদ্ধ এই দেশৰ প্ৰতিজন জনতাৰ প্ৰতিও।

সেয়ে তেওঁলোকক অভিহিত কৰা হয় এই দেশৰ মহানায়ক বুলি। তেওঁক ভাৰত ভূমিৰ সুযোগ্য সন্তান, ভাৰতীয় সেনাৰ বীৰ জোৱান।

ভাৰতীয় সেনাৰ দায়বদ্ধতা আৰু মানৱতাই পুনৰ এবাৰ প্ৰতিফলিত হ’ল জম্মু-কাশ্মীৰত। য’ত বৰফৰ মাজত আৱদ্ধ এগৰাকী অন্তঃসত্বা মহিলাক সুৰক্ষিতভাৱে হাস্পতালত ভৰ্তি কৰোৱাত সহায় কৰে সেনা জোৱানে।

সেনাৰ এক সূত্ৰই সদৰী কৰা মতে, জম্মুৰ বৰফাবৃত্ত কিষাণৱাদৰ অন্তৰ্গত এখন গাঁৱৰ পৰা এগৰাকী অন্তঃসত্বা মহিলাৰ বিষয়ে জৰুৰীকালীন বাৰ্তা লাভ কৰিছিল ভাৰতীয় সেনাই।

তাৰ পিছতে ভাৰতীয় বায়ু সেৱা আৰু স্থল সেনাৰ জোৱান কিষাণৱাদ জিলাৰ দুৰ্গম নৱাচাৰী অঞ্চলত উপস্থিত হয় আৰু অন্তঃসত্বা মহিলাগৰাকীক হেলিকপ্টাৰৰ জৰিয়তে সুৰক্ষিতভাৱে জিলা হাস্পতাললৈ লৈ যায়।

বৰ্তমান জিলা হাস্পতালত চিকিৎসাধীন হৈ আছে সেই মহিলাগৰাকী।

উল্লেখ্য যে, পূৰ্বেও আৰ্তজনৰ কাষত সহায় হৈ থিয় দি আহিছে ভাৰতীয় সেনাই। কিছুদিন পূৰ্বে এগৰাকী বৃদ্ধা মহিলাক একাঁঠু বৰফৰ মাজেৰে পিঠিত তুলি হাস্পতাললৈ লৈ গৈছিল ভাৰতীয় সেনা জোৱানে।

Related Articles

Back to top button