fbpx
অসমীয়াঅসম

দুষ্টক দমন কৰিবলৈ ভগৱান বিষ্ণুৰ অৱতাৰৰূপে জন্ম হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! প্ৰশংসা কৰি কৰি তত পোৱা নাই ৰূপজ্যোতি কুৰ্মীয়ে…

নিউজ ডেস্কঃ একালত কংগ্ৰেছৰ হৈ চিঞৰি চিঞৰি হিমন্ত বিশ্ব শৰ্মাক গালি দিয়া ৰূপজ্যোতি কুৰ্মী এতিয়া সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাৰে হৈ পৰিছে পৰম ভক্ত।

আনকি এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভগৱান বিষ্ণুৰ অৱতাৰ হিচাপে বৰ্ণনা কৰিবলৈও কুণ্ঠাবোধ নকৰে মৰিয়নী সমষ্টিৰ বিধায়কগৰাকীয়ে।

শোওতে, বহোতে, উঠতে, খাওতে মুখ্যমন্ত্ৰী আৰু বিজেপিৰ প্ৰশংসা কৰি কৰি তৎ নোপোৱা ৰূপজ্যোতি কুৰ্মীয়ে ৰাজহুৱাকৈয়ে ক’লে- ভগৱান বিষ্ণুৰ অৱতাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আখ্যান সোঁৱৰি ৰূপজ্যোতি কুৰ্মীয়ে ক’ল- তাহানি যেতিয়াই যেতিয়াই দুষ্টৰ জন্ম হৈছিল, তেতিয়াই দুষ্টক দমন কৰিবলৈ অৱতাৰ লৈছিল ভগৱান বিষ্ণুৱে।

এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও দুষ্টক দমন কৰি অসমলৈ শান্তি আনিব।

সংবাদ মাধ্যমৰ সন্মুখত বিধায়কজনে কৰা এনে মন্তব্যই এতিয়া লাভ কৰিছে চৰ্চা।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!