দুয়োপালি ভেকচিন ন’ললে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ’ব হিতাধিকাৰীঃ স্বাস্থ্যমন্ত্ৰী…

দুয়োপালি ভেকচিন ন’ললে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ’ব হিতাধিকাৰী।
নৱেম্বৰ মাহৰ পৰাই এই নিয়ম কাৰ্য্যকৰী কৰা হ’ব।
সোমবাৰে কলিয়াবৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেল এই ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।
লগতে অসমত কোনো কাৰণতে ল’কডাউন নহয় বুলি ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
স্বাস্থ্যমন্ত্ৰী মহন্তই অসম চৰকাৰে দুয়োপালি ভেকচিন প্ৰদানত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে বুলিও উল্লেখ কৰি স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলে স্থানীয় লোক সকলৰ সহযোগত অসমত ভেকচিন প্ৰদান কাৰ্য্যসূচী বিস্তাৰিত ৰূপত সম্পাদন কৰি আহিছে বুলি মন্তব্য কয়।
ইপিনে, ক’ভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ নকৰা লোকেসকলে কোনোধৰণৰ চৰকাৰী সা-সুবিধা নাপায় বুলিও স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
উল্লেখ্য যে, ৰাজ্যত বৰ্তমান পৰ্যন্ত ১,৯৯,২০১৮৯ টা প্ৰথম পালি আৰু ৭৩২২২৪১ টা দ্বিতীয় পালি ভেকচিন প্ৰদান প্ৰদান কৰা হৈছে।