fbpx
অসমীয়াৰাষ্ট্ৰীয়

দুঃখবৰ! প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলৰ স্বামী দেৱীসিং শ্বেখাৱতৰ দেহাৱসান..

নিউজ ডেস্কঃ হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা সিং পাটিলৰ স্বামী দেৱীসিং শ্বেখাৱতৰ।

মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে দেৱীসিং শ্বেখাৱতে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।

জানিব পৰা মতে, প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ স্বামী তথা কৃষিবিজ্ঞানী আৰু জ্যেষ্ঠ ৰাজনীতিবিদ দেৱীসিং শ্বেখাৱত বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থাৰ বাবে হাস্পতালত চিকিৎসাধীন হৈ আছিল।

তাতেও শুকুৰবাৰে পুৱা প্ৰায় ৯ বজাত বিয়োগ ঘটে তেওঁৰ।

বাতৰি অনুসৰি সন্ধিয়া পুনেত শেষকৃত্য সম্পন্ন হ’ব দেৱীসিং শ্বেখাৱতৰ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!