fbpx
অসমীয়াৰাষ্ট্ৰীয়

দুঃখবৰ! প্ৰবীণ অভিনেতা সমীৰ খাখৰৰ দেহাৱসান…

নিউজ ডেস্কঃ সৰুপৰ্দাৰ লগতে বলিউডৰ সুপৰিচিত অভিনেতা সমীৰ খাখৰৰ দেহাৱসান।

বুধবাৰে মুম্বাইৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে।

অভিনেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭১ বছৰ।

জানিব পৰা মতে, মঙলবাৰে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে সমীৰ খাখৰক মুম্বাইৰ বৰিভালিৰ এম এম হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

শৰীৰৰ একাধিক অংগ বিকল হৈ পৰা অভিনেতাগৰাকীৰ বুধবাৰে হাস্পতালতে মৃত্যু ঘটে।

উল্লেখ্য যে, ১৯৮০ চনত দুৰদৰ্শনযোগে সম্প্ৰচাৰিত ‘নুক্কড়’ নামৰ ধাৰাবাহিকখনেৰে দৰ্শকৰ মাজত সমাদৃত হৈছিল সমীৰ খাখৰ।

তাৰ পিছতে কেইবাখনো ধাৰাবাহিক আৰু হিন্দী ছবিত অভিনয়ৰে দৰ্শকৰ মন জয় কৰা অভিনেতাগৰাকীয়ে অভিনয় কৰা কেইখনমান ধাৰাবাহিক হৈছে টিভি শ্ব’ ‘চাৰ্কাছ’, ‘শ্ৰীমান শ্ৰীমতী’ আৰু ‘পৰিন্দা’।

ইয়াৰোপৰিও ছলমান খান অভিনীত ‘জয় হো’, হাছি তোহ ফছি, চিৰিয়াছ মেন আদি ছবিতো অভিনয় কৰিছিল সমীৰ খাখৰে।

৯০ৰ দশকত তেওঁ ছফ্টৱেৰ ডেভলপাৰ হিচাপে আমেৰিকাত কৰ্মজীৱন আৰম্ভ কৰিছিল যদিও তাৰ মাজে মাজেও তেওঁ অভিনয় কৰি গৈছিল।

অভিনেতা সমীৰ খাখৰৰ বিয়োগৰ বাতৰিয়ে মৰ্মাহত কৰিছে ছবিপ্ৰেমীক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!