নিউজ ডেস্কঃ যেন এখন ৰহস্যধৰ্মী থ্ৰিলাৰ ছবিৰ কাহিনী।
ঘৰলৈ মাতি নি বন্ধুক নিৰ্মমভাৱে হত্যা কৰি কেব চালক বন্ধুৰ গাড়ীত উঠাই দূৰ জাৰণিৰ মাজত পেলাই থৈ আহিল মৃতদেহ।
এই চাঞ্চল্যকৰ হত্যাকাণ্ডই এতিয়া জোকাৰি গৈছে সমগ্ৰ অসম।
মহানগৰীৰ মাজমজিয়াত দিনৰ পোহৰতে সংঘটিত হৈছিল এই হত্যাকাণ্ড। ধাৰলৈ লোৱা টকাক লৈ সূত্ৰপাত হোৱা কাজিয়াৰ পিছত সুপৰিকল্পতিভাৱে হত্যাকাণ্ড সংঘটিত কৰিছিল ১২ বছৰ পুৰণি বন্ধুৱে।
বৃহস্পতিবাৰে মহানগৰীৰ ৰুুক্মিণীগাঁৱত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড।
একেলগে কাম কৰা প্ৰেমনাথ ভূঞা নামৰ লোকজনক ঘৰৰ চৌহদত কাম থকা বুলি ভাড়াঘৰলৈ মাতি নিছিল হিতেশ দাসে।
তাতে হিতেশ দাসে প্ৰেমনাথৰ পৰা ধাৰলৈ লোৱা টকাক লৈ দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটে।
ইয়াৰ পিছতে পূৰ্বপৰিকল্পতিভাৱে প্ৰেমনাথ ভূঞাৰ মূৰত হাতুৰীৰে মৰিয়াই হত্যা কৰে হিতেশ দাসে। তাৰ পিছতে মৃতদেহটো এটা বস্তাৰ ভিতৰত বান্ধি লয় হত্যাকাৰীয়ে।

আনহাতে দিনৰ প্ৰায় ডেৰমান বজাত অফলাইনত বন্ধু খগেন দাসৰ কেবখন বুক কৰি হত্যাকাৰী হিতেশ দাসে গাড়ীৰ পিছফালে মৃতদেহৰ বস্তাটো ভৰাই কমলপুৰ অভিমুখে ৰাওনা হয়।
বাটত খগেন দাসে বস্তাৰ ভিতৰত কি আছে বুলি সোধাত ঘৰলৈ নিবলৈ গাহৰি আনিছো বুলি কয় হত্যাকাৰী হিতেশ দাসে।
তাৰ পিছতে কমলপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ জাৰণিৰ কাষত বস্তাটো নমোৱাৰ পিছতহে ভিতৰত মৃতদেহ থকা খগেন দাসক কয় হিতেশে।
এই বিষয়ে কাৰোবাক ক’লে খগেন দাসক প্ৰাণেমৰাৰ ভাবুকিও প্ৰদান কৰে হত্যাকাৰীজনে।
পৰৱৰ্তী সময়ত গুৱাহাটীলৈ ঘূৰি অহাৰ পিছত কেব চালক খগেন দাসে ভীতিগ্ৰস্ত হৈ কেব চালক ইউনিউনৰ কাষ চাপে আৰু তাৰ পিছতে সমগ্ৰ ঘটনা আৰক্ষীক বিৱৰি কয়।
আৰক্ষীয়ে খগেন দাসৰ মন্তব্যৰ আধাৰত অভিযান চলাই নিশা কমলপুৰৰ জংঘলৰ মাজৰ পৰা উদ্ধাৰ কৰে প্ৰেমনাথ ভূঞাৰ মৃতদেহটো।
অন্যহাতে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰি সাহসিকতাৰ পৰিচয় দিয়া খগেন দাসক ১০ হাজাৰ টকাৰে পুৰস্কৃত কৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই।
আৰক্ষীয়ে ইতিমধ্যে প্ৰেমনাথ ভূঞাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি হত্যাকাৰী হিতেশ দাসক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়।
আদালতে হত্যাকাৰীক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।